বিনামূলীয়াকৈ বহু ছবিত অভিনয় কৰিছে বহু জনপ্ৰিয় তাৰকাই…

বলীউডৰ তাৰকাই বিনামূলীয়াকৈ কাম কৰিছে। বলীউডৰ বহু তাৰকাই সৰু সৰু চৰিত্ৰৰ বাবে কোটি কোটি টকা লয়। একে সময়তে কিছুমান তাৰকা আছে যিয়ে ডাঙৰ চৰিত্ৰৰ বাবে পৰিচালকৰ পৰা এটকাও নলয়। আজি আমি এনে বহু তাৰকাৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম…

শ্বাহৰুখ খানঃ শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত কৰণ জোহৰে প্ৰকাশ কৰিছে যে শ্বাহৰুখ খানে ব্ৰহ্মাষ্ট্ৰ ছবিখনৰ বাবে এটকাও লোৱা নাছিল, বিনামূলীয়াকৈ এই ছবিত কাম কৰিছিল শ্বাহৰুখ খানে।

ৰাজকুমাৰ ৰাওঃ বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাৱে নিজেই এটা সাক্ষাৎকাৰত কয় যে তেওঁ ট্ৰেপড ছবিখন বিনামূলীয়াকৈ কৰিছিল। লগতে অভিনেতাগৰাকীয়ে কৈছিল যে কিছুমান ছবি বক্স অফিচৰ বাবে নহয় আজীৱন।

ছলমান খানঃ খবৰ অনুসৰি শ্বাহৰুখ খানৰ পাঠান ছবিখনত ছলমান খানে বিনামূলীয়াকৈ কেমিঅ’ ৰ’ল কৰিছিল। বন্ধু শ্বাহৰুখ খানৰ চলিড কামবেকৰ বাবে এই কাম কৰিছিল ছলমান খানে।

শ্বাহিদ কাপুৰঃ মনোৰঞ্জনমূলক বাতৰি অনুসৰি শ্বাহিদ কাপুৰেও এখন ছবিত বিনামূলীয়াকৈ অভিনয় কৰিছিল। শ্বাহিদ কাপুৰে কেৱল চৰিত্ৰটোহে কৰিব বিচাৰিছিল, ছবিখনৰ প্ৰতি তেওঁৰ কোনো লোভ নাছিল।

দীপিকা পাডুকনঃ মনোৰঞ্জনমূলক বাতৰি অনুসৰি দীপিকা পাডুকনে বলীউডৰ প্ৰথমখন ছবি ওম শান্তি ওমৰ বাবে এটকাও মাচুল লোৱা নাছিল।


Related Articles