তিনিচুকীয়া : বিগত দুদিন ধৰি ৰাজ্যত হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতি ভয়াবহ হৈ পৰিছে। তিনিচুকীয়া জিলাতো বান পৰিস্থিতিয়ে লৈছে সংহাৰী ৰূপ। জিলাখনৰ বিভিন্ন প্ৰান্ত এতিয়া জলমগ্ন হৈ আছে আৰু বহু অঞ্চলৰ ঘৰ-দুৱাৰ বাঢ়নী পানীয়ে উচন কৰিছে যাৰ বাবে বহু লোকে এতিয়া আশ্ৰয় শিবিৰত থাকিব লগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু সাধাৰণ সম্পাদক নৱ মৰাণৰ নেতৃত্বত দুটা সঁজাতি দলে পৃথকে পৃথকে বানাক্ৰান্ত অঞ্চলৰ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোক সকলৰ পৰিস্থিতিৰ বুজ লয়। মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে কয় যে আশ্ৰয় শিবিৰৰ লোক সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। পৰ্যাপ্ত পৰিমাণৰ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী পোৱা নাই আৰু পশু ধনৰো যথেষ্ট ক্ষতিসাধন হৈছে। গতিকে বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ সভাপতি গৰাকীয়ে চৰকাৰক দাবী জনাই লগতে পশু খাদ্য যোগান ধৰিবলৈও চৰকাৰক আহ্বান জনায়। সমান্তৰালভাৱে প্ৰতি বছৰে হৈ থকা বানপানী আৰু গঢ়াখহনীয়া সমস্যাৰ স্থায়ী ভাৱে সমাধান কৰিবলৈও চৰকাৰক দাবী জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে।

