Margherita News: শতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান, অঞ্চলজুৰি শোকৰ ছাঁ।

শতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান, অঞ্চলজুৰি শোকৰ ছাঁ। পঞ্চভূতত বিলীন হ’ল চামচা পাংয়ুকৰ নশ্বৰ দেহ। (Margherita News)

বৃহত্তৰ মাৰ্ঘেৰিটাৰ অঞ্চলৰ এগৰাকী বয়োজেষ্ঠ ব্যক্তি চামচা পাংয়ুকে মঙলবাৰে ইললীলা সম্বৰণ কৰে।

১৯২৪ চনৰ ৫ নৱেম্বৰত জন্ম গ্ৰহণ কৰা চামচা পাংয়ুকে ৫ নৱেম্বৰত সম্পূৰ্ণ ১০০ বছৰ অতিক্ৰম কৰিছিল।

মাৰ্ঘেৰিটাৰ পাৱৈমুখ টাই খাময়াং গাঁৱৰ নিবাসী চামচা পাংয়ুক শতবৰ্ষ গৰকাৰ গাওঁখনৰ একমাত্ৰ বয়োজেষ্ঠ ব্যক্তি আছিল।

টাই ভাষা আৰু লিপিৰ সাধক তথা ধৰ্মপ্ৰাণ বয়োজেষ্ঠ ব্যক্তিজনৰ মৃত্যু খৱৰ বিয়পি পৰাৰ পিছতে পুৱাৰে পৰা মাৰ্ঘেৰিটাৰ ভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধই তেওঁ বাসগৃহত ভীৰ কৰেহে।

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে শতবৰ্ষ অতিক্ৰম কৰাৰ চামচা পাংয়ুকক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে আৱেলি বৌদ্ধ ধৰ্মৰ গুৰু তথা ভাণ্টেসকলে ধৰ্মীয় পৰম্পৰাৰ আৰু ৰীতি নীতিয়ে চামচা পাংয়ুকৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত অঞ্চলটো বহু সংখ্যক গন্য মান্য ব্যক্তি লগতে কেইবা শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

মৃত্যু সময়ত চামচা পাংয়ুক ককাই ৪ জন পুত্ৰ, ৫ গৰাকী বোৱাৰী, ২ গৰাকী কন্যা আৰু ১৩ গৰাকীৰ নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ গৈছে।

মৃত্যু সময়লৈকে চামচা পাংয়ুক অঞ্চলটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল।

Related Articles