Marigold Plant: ঘৰত ৰুৱ নাৰ্জি ফুল, ধন-সম্পত্তিৰে ভৰি পৰিব!

নাৰ্জি ফুলৰ (Marigold Plant) বাস্তু শাস্ত্ৰত বিশেষ গুৰুত্ব আছে। ঘৰৰ কোন দিশত নাৰ্জি ফুল ৰোপণ কৰিলে আৰ্থিক সমৃদ্ধি আহে জানেনে?

হিন্দু ধৰ্মত হালধীয়া আৰু কমলা ৰঙৰ নাৰ্জি ফুলক অতি শুভ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। বিশেষকৈ দেৱ-দেৱী পূজা, ধৰ্মীয় ৰীতি-নীতি আৰু উৎসৱ-পাৰ্ৱণত সব্যৱহাৰ কৰা হয় নাৰ্জি ফুল। হালধীয়া ফুলে সূৰ্য্যৰ উদীয়মান উজ্জ্বলতাৰ প্ৰতীক, আনহাতে কমলা ফুলে সূৰ্যাস্তৰ সোণালী আভাক প্ৰতিনিধিত্ব কৰে। এই ফুল ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীৰ বাবে অতি প্ৰিয়, সেইবাবেই বাস্তু শাস্ত্ৰতো ইয়াৰ বিশেষ গুৰুত্ব আছে। বিশ্বাস কৰা হয় যে ঘৰত নাৰ্জি ফুল থাকিলে ইতিবাচক শক্তি বৃদ্ধি পায় আৰু সুখ-সমৃদ্ধিৰ আগমন ঘটে।

নাৰ্জি ফুলৰ উপকাৰীতা-

সঠিক দিশত ৰোপণ কৰা নাৰ্জি ফুলে ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাই শান্তি আৰু সুখ কঢ়িয়াই আনে। ইয়াৰ সতেজ সুগন্ধিয়ে ঘৰত ইতিবাচক পৰিৱেশ বজাই ৰাখে। পূজাত নাৰ্জি ফুলৰ ব্যৱহাৰ আৰ্থিক সমস্যা দূৰ কৰাত আৰু আৰ্থিক লাভৰ সুযোগ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই ফুলে পৰিয়ালত ঐক্য আৰু প্ৰগতিৰ নতুন পথ মুকলি কৰাৰ ক্ষেত্ৰতো শুভ ফল দিয়ে।

কোন দিনা আমি নাৰ্জি ফুল ৰোপণ কৰিব লাগে?

বাস্তু শাস্ত্ৰৰ মতে উত্তৰ-পূব কোণত নাৰ্জি ফুলৰ গছ ৰোপণ কৰিব লাগে। ইয়াৰ উপৰিও পূব বা উত্তৰ দিশটোও উপযুক্ত বুলি বিবেচিত হৈছে। এই দিশবোৰত উদ্ভিদ ৰোপণ কৰিলে পৰিৱেশত ধনাত্মক শক্তি সঞ্চাৰণ হয় আৰু নেতিবাচক প্ৰভাৱ নাইকিয়া হয়।

আনহাতে মূল প্ৰৱেশদ্বাৰত নাৰ্জিফুলৰ গছ ৰোপণ কৰিলে ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে।

দক্ষিণ বা পশ্চিম দিশত নাৰ্জি ফুল ৰুৱ নালাগে, অশুভ প্ৰভাৱ পৰিব পাৰে।

নাৰ্জি ফুলৰ গছ লেতেৰা ঠাই, পাকঘৰ, বাথৰুম বা শৌচাগাৰৰ ওচৰত ৰাখিব নালাগে।

নাৰ্জি ফুলৰ মালা তৈয়াৰ কৰি দেৱ-দেৱীক অৰ্পণ কৰি বিশেষ আশীৰ্বাদ আৰু কৃপা লাভ কৰে।

Related Articles