Breaking

গোগামুখত মাৰ্কৰ প্ৰশংসনীয় পদক্ষেপঃ দুখীয়া পৰিয়ালক চাইকেল-ৰাঁচ বিতৰণ…

0 43


ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ মহিলা স্বেচ্ছাসেৱী সংস্থা মিমে আজন ৰুৱাদ কেবাং চমুকৈ মাৰ্কে দুখীয়া জনসাধাৰণক সহায় কৰি  অন্যন্য নিৰ্দশন ডাঙি ধৰিছে৷ বিগত কৰ‘ণা ভাইৰাইছৰ সময়তে মানৱ সেৱাৰ হকে আত্মপ্ৰতিষ্ঠা হোৱা  স্বেচ্ছাসেৱী সংস্থা মাৰ্কে ইতিমধ্যে বহু মানৱ দৰদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিছে৷ 

তেওঁলোকৰ মানৱ দৰদী কাৰ্যসূচী হিচাপে দেওবাৰে ধেমাজি জিলাৰ পুৰণা পাৰঘাটৰ এক অনুষ্ঠানত  ১৪ গৰাকী দুখীয়া শ্ৰেণীৰ লোকক বাইচাইকেল আৰু ২৬ গৰাকী দুখীয়া পৰিয়ালক ২৬টা ৰাঁচ বিতৰণ কৰে৷ দেশৰ ৰাজধানী দিল্লীস্থিত অৰ্কিড চ’ছিয়েল এণ্ড এডুকেশ্বন ট্ৰাষ্টৰ আৰ্থিক সহযোগিতাত উক্ত বাইচাইকেল আৰু ৰাজসমূহ  বিতৰণ কৰা হয়। 

উক্ত বাইচাইকেল আৰু ৰাজসমূহৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে অৰ্কিড চ’ছিয়েল এণ্ড এডুকেশ্বন ট্ৰাষ্টৰ সভাপতি মনোৰঞ্জন দলেয়ে৷ চাইকেল বিতৰণ অনুষ্ঠান শুভাৰম্ভ কৰি  অৰ্কিডৰ সভাপতি মনোৰঞ্জন দলেয়ে কয়-যদিও আমাৰ মুখ্য কাৰ্যালয় দিল্লীত আছে কিন্তু আমাৰ জনসেৱামূলক কৰ্মসূচীসমুহ অসমত বেছিকৈ ৰূপায়িত হয় ৷  আমি অসমৰ বিভিন্ন স্থানত দুখীয়া জনসাধাৰণক আৰ্থিক সাহায্য আৰু বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছোঁ ৷  আগন্তুক দিনত আমাৰ জনহিতৈষী কাম আৰু দ্ৰুত হ’ব ৷ 

তেওঁ মাৰক’ক ভূয়সী প্ৰশংসা কৰি দোহাৰে যে মাৰ্কে বহু ভিতৰুৱা গাঁৱত বহু দৰিদ্ৰ শ্ৰেণীৰ লোকক সহায় কৰি আহিছে৷ বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত মাৰ্কে ৰূপায়ন কৰা আঁচনিসমূহ অতি উত্তম হৈছে৷ মাৰ্কে লিংগ বৈষম্য দূৰীকৰণটো বিশেষভাৱে সফল হৈছে বুলি তেওঁ দোহাৰে৷ অনুষ্ঠানত  উদ্দেশ্য ব্যাখ্য কৰে মাৰ্কৰ সভানেত্ৰী লীনা পেগুৱে৷ অনুষ্ঠানটোৰ সামগ্ৰীক পৰিচালনা কৰে মাৰ্কৰ সম্পাদিকা বীনা পেগুৱে৷ উল্লেখ্য যে, ক’ৰণা ভাইৰাছৰ সময়ত মানুহৰ দুৰ্দশা দেখি মাৰ্ক নামৰ স্বেচ্ছাসেৱী সংস্থাটো জন্ম হৈছিল৷

বৰ্ণ বৈষম্য আৰু লীংগ বৈষম্য সমাজৰ পৰা নোহোৱা কৰিবৰ বাবে আৰু দৰিদ্ৰজনক সহায়ৰ হাত আগবঢ়োটোৱে মাৰ্কৰ লক্ষ্য বুলি মাৰ্কৰ কৰ্মীসকলে দোহাৰে৷ গোগামুখ অঞ্চলত বৰ্তমান মাৰ্কৰ জনপ্ৰিয়তা দ্ৰুত গতিত বৃদ্ধি পাইছে৷ গোগামুখ পুৰণা পাৰঘাটক সামৰি গঠন কৰা মাৰ্কে বৰ্তমান গোগামুখৰ ৫-৬ খন গাঁৱক সামৰি লৈছে৷ মাৰ্কৰ এই মানৱ দৰদী কাৰ্যসূচীত উপস্থিত থাকে মাৰ্কৰ অন্যতম উপদেষ্টা ৰাজু দলে, বিদ্যাৱতী পেগু, নাহৰবাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য কমল চন্দ্ৰ দলে, পাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ পাইট আদিয়ে৷

Leave A Reply