Married man: বিবাহিত পুৰুষৰ বয়স বাঢ়ে লাহে লাহে,অবিবাহিত পুৰুষৰ বাঢ়ে সোনকালে

বয়সকলৈ চিন্তা প্ৰায় সকলোৰে হয়। বহুতেই বাৰ্ধক্যক ৰোধ কৰিবলৈ চেষ্টা কৰে। কিন্তু আপুনি বাৰু জানেনে? বিবাহিত পুৰুষৰ বয়স অবিবাহিত পুৰুষতকৈ সোনকালে বাঢ়ে যদিও মহিলাৰ ক্ষেত্ৰত এই প্ৰভাৱ দেখা নাযায়। শেহতীয়াকৈ এখন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলৰ এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে। সেই অধ্যয়নৰ ফলাফল অনুসৰি বিবাহিত পুৰুষৰ বয়স নিশ্চিতভাৱে লাহে লাহে বাঢ়ে যদিও বিবাহ বিচ্ছেদ বা পত্নী নথকা পুৰুষৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।আনহাতে মহিলাৰ ওপৰত কৰা অধ্যয়নৰ ফলাফলত দেখা গৈছে যে বিবাহিত মহিলাৰ বয়সৰ শাৰীৰিক প্ৰভাৱ অবিবাহিত মহিলাতকৈ বিশেষভাৱে পৃথক নহয়। ইপিনে বিবাহ বিচ্ছেদ হোৱা বা স্বামীৰ মৃত্যু হোৱা মহিলাতকৈ অবিবাহিত মহিলাৰ বয়স যথেষ্ট বেছি যেন লাগে। গৱেষকসকলে কয় যে বিবাহে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

টৰন্টো বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ লাইফ কোৰ্চ এণ্ড এজিঙৰ এজন গৱেষকৰ মতে তেওঁলোকৰ অধ্যয়নত ৭ হাজাৰতকৈ অধিক মধ্যবয়সীয়া আৰু বয়সস্থ কানাডিয়ানক অনুসৰণ কৰা হৈছিল। তেতিয়া তেওঁলোকে দেখিছিল যে কিছুমান মানুহৰ বয়সৰ চাপ শৰীৰত এক নিৰ্দিষ্ট ধৰণেৰে বৃদ্ধি পায়, আনহাতে কিছুমানৰ শৰীৰত সেই চাপ দেখা নাযায়।’

তেওঁ লগতে কয় যে মানুহৰ বয়স বৃদ্ধি হোৱাত কিহে বাধা দিয়ে আমি এবাৰ বুজি পালে প্ৰাপ্তবয়স্কসকলক বয়স বৃদ্ধিৰ লগে লগে উন্নত জীৱন যাপন কৰাত ভালদৰে সহায় কৰিব পাৰিম।

Related Articles