তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অৰ্ন্তগত ৩ নং উদপুৰত এগৰাকী বোৱাৰীৰ আত্মহত্যা
হোৱাক কেন্দ্ৰ কৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে ৩ং উদয়পুৰৰ দ্বিতীয় অসম ৰাইফলছৰ জোৱান প্ৰশান্ত কটোৱালে ৪ জুলাইত জাগুন ৯ মাইলৰ বাসিন্দা ধন বাঃ ছেত্ৰীৰ কন্যা ছোনিয়া ছেত্ৰী লগত বিৱাহ পাশত আৱদ্ধ হয় ।আৰু
৯ অক্টোবৰ তাৰিখে পত্নীৰ সৈতে মিজোৰামৰ সেনা পৰিয়াল আৱাস গৃহ লৈ ৰাওনা হয় । কিছুদিন কটোৱাৰ পিছত স্বামী কটোৱালে পত্নী ছোনিয়াৰ ওপৰত মানসিক,শাৰীৰিক অত্যাচাৰৰ লগতে কোঠাত বন্দী কৰি কৰ্তব্য সম্পাদন কৰিছিল ।

উল্লেখ্য যে এনে অমানসিক অত্যাচাৰৰ সবিশেষ ছোনিয়াই পিতৃ পৰিয়ালক ফোনযোগে অৱগত কৰে ।কিছুসময়ৰ পিছতে পিতৃ পৰিয়ালে ছোনিয়াৰ লগত ফোনত যোগাযোগ কৰে যদিও কোনো উত্তৰ নাপায় ।লগে লগে পুনৰ কৰ্ত্যৰত জোৱায়েক প্ৰশান্ত কটোৱালৰ লগত ছোনিয়াৰ অভিযোগ সম্পৰ্কে কথা পাতে । ইয়াৰ পিছতেই জোৱায়েক কটোৱালে তিনি সতীৰ্থ সহ
নিজ আৱাসিক কোঠালৈ গৈ পত্নী ছোনিয়াক চিলিং ফেনত ওলমি থকা প্ৰত্যক্ষ কৰে ।

আৰু আজি স্বামী গৃহত মৃতদেহ আহি পোৱাৰ লগে লগে এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰু লেখাপানী আৰক্ষীৰ উপস্থিতিত কন্যাৰ পৰিয়ালে ছোনিয়াৰ ওপৰত. চলা অত্যাচাৰ আৰু তিনি সতীৰ্থৰ সৈতে ৰোমলৈ যোৱাক লৈ হত্যাকাণ্ডৰ সন্দেহ কৰে । ইয়াৰ উচিত তদন্ত কৰি দুষিক কঠোৰ শাস্তি বিহাৰ দাবী জনায় । আৰু লেখাপানী আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।



