হানিমুনত গৈ শ্বহীদ: ৬ দিনতে শেষ হ’ল বিনয়-হিমানীৰ বৈবাহিক জীৱন, পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত নৌসেনাৰ বিষয়া । Pahalgam

গুৱাহাটী/শ্ৰীনগৰ, ২৩ এপ্ৰিল |Pahalgam ক’ত যে জীৱনৰ অন্ত পৰি যাব, সেয়া কেতিয়াও কল্পনাত নেযায়। সদ্য বিবাহিত দম্পতী—বিনয় নৰৱাল আৰু হিমানী—বিয়াৰ আনন্দত পূৰ্ণ হৃদয় লৈ হানিমুনৰ উদ্দেশ্যে পেহেলগাম গ’ল, কিন্তু ৬ দিনৰ ভিতৰতে তেওঁলোকৰ সপোনৰ ঘৰ হৈ পৰিল নিঃস্ব।

পেহেলগামৰ বেছাৰাণত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত দেশৰ এগৰাকী সাহসী নৌসেনা বিষয়া বিনয় নৰৱালে জীৱন হেৰুৱায়। ২৬ বছৰীয়া এই নৌসেনা বিষয়া হাৰিয়ানাৰ কৰ্ণাল জিলাৰ ছেক্টৰ ৭ৰ বাসিন্দা আছিল আৰু বৰ্তমান কোচিৰ নৌসেনা কেন্দ্ৰত কৰ্মৰত আছিল। তেওঁ দুবছৰ পূৰ্বে ভাৰতীয় নৌসেনাত যোগদান কৰিছিল।

হানিমুনৰ যাত্ৰা, যি শেষ যাত্ৰা হৈ পৰিল

বিনয় আৰু হিমানীৰ বিবাহ ১৬ এপ্ৰিলত হয়। তাৰ দুই দিন পিছতেই—১৮ এপ্ৰিলত—বিয়াৰ অভ্যৰ্থনা অনুষ্ঠিত হয়। ২১ এপ্ৰিলত উভয়ে হানিমুনৰ বাবে কাশ্মীৰলৈ ৰাওনা হয়। কিন্তু তেওঁলোক কল্পনাও নকৰিলে যে, এই যাত্ৰাই হ’ব তেওঁলোকৰ একেলগে কটোৱা শেষ সময়।

মঙলবাৰে পেহেলগামত সন্ত্ৰাসবাদীয়ে আকস্মিকভাৱে নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰে। বেছাৰাণ অঞ্চলত পৰ্যটকসকলৰ মাজতে বিনয় আৰু হিমানী উপস্থিত আছিল। নিৰ্মমভাৱে, হিমানীৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে বিনয়ৰ বুকু, ডিঙি আৰু বাওঁহাতত গুলীচালনা কৰে। ঘটনাস্থলীতেই তেওঁৰ মৃত্যু ঘটে।

নিহতসকলৰ ভিতৰত ২৬জন

এই আক্ৰমণত বিনয়সহ ২৬জন লোক নিহত হয়, যাৰ ভিতৰত বহু পৰ্যটক আৰু স্থানীয় লোক অন্তৰ্ভুক্ত। লগতে কেইবাজনো লোক আহত হৈ বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে।

দেশজুৰি শোকৰ ছাঁ

বিনয় নৰৱালৰ দেহাৱসানৰ খবৰে দেশজুৰি শোকৰ ছাঁ পেলাইছে। নৌসেনাৰ মুখপাত্ৰই এক বিবৃতিত কৈছে, “আমাৰ সাহসী সহকৰ্মীৰ নৃশংস হত্যাই সকলোকে গভীৰভাবে আঘাত কৰিছে। তেওঁক জাতিয়ে সদায় স্মৰণত ৰাখিব।”

পৰিয়ালটোত গভীৰ শোকৰ ছাঁ। হিমানী, যিয়ে নিজৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছিল, এতিয়া এক মহাশূন্যতালৈ চকু মেলিছে—এটা যাত্ৰা যি প্ৰেমেৰে আৰম্ভ হৈছিল, শেষ হ’ল ৰক্ত আৰু কান্দোনত।

Related Articles