Breaking

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত সৰুপথাৰত শ্বহীদ দিৱস; উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

0 39

অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ মৃত্যু তিথিত সমগ্ৰ ৰাজ্যতে শ্বহীদ দিসৱ পালন কৰা হয় ৷
সৰুপথাৰতো ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত শ্বহীদ দিসৱ পালন কৰা হয়৷


দিনযোৰা কাৰ্যসূচীৰে সৰুপথাৰ ৰামধেনু মুকলী মঞ্চত আয়োজন কৰা শ্বহীদ দিৱসৰ পুৱা অসম আন্দোলনৰত শ্বহীদ হোৱা ৮৫৫ গৰাকী শ্বহীদৰ স্মৰণত ৮৫৫ গজ বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন কৰাৰ লগতে গোলাঘাট আৰু যোৰহাট জিলাৰ শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷

দুপৰীয়া দিহানাম , বৰগীতেৰে শুভাৰম্ভণি কৰা মুকলি সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা , সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱা, বিজেপি দলৰ গোলাঘাট জিলা প্ৰভাৰী প্ৰশান্ত গোস্বামী , বিজেপিৰ গোলাঘাট জিলা সভাপতি দেৱপ্ৰগীপ বৰা , গোলাঘাট জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাস , চাহ মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী দুলেন নায়কৰ লগতে বহুসংখ্যক বিজেপি দলৰ নেতা কৰ্মী সকলৰ লগতে শ্বহীদ পৰিয়ালৰ সদস্য লগতে প্ৰায় কেইবাশতাধিক ৰাইজ উপস্থিত থাকে।

Leave A Reply