উৰিয়ামঘাটত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অংচা জিলদৈ শ্যাম হাইস্কুলৰ সহযোগত শ্বহীদ দিৱস উদযাপন

অসম আন্দোলনৰ সময়ত ১৯৭৯ চন‌ৰ ১০ ডিচেম্বৰ তাৰিখে মৃত্যু বৰন কৰা অসমৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ লগতে ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰি উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থায়ে ৰজাপুখুৰী অংচা জিলদৈ শ্যাম হাইস্কুলৰ প্ৰাংগনত দিনযোৰা কাৰ্য্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰে । পুৱাৰ ভাগতে পতাকা উত্তোলন কৰে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নাজিম আহমেদে বন্তি প্ৰজ্বলন কৰে অংচা জিলদৈ শ্যাম হাইস্কুলৰ জেষ্ঠ শিক্ষক নবিন সন্দিকৈয়ে ।

এই অনুষ্ঠানটি লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অংচা জিলদৈ শ্যাম হাইস্কুলৰ প্ৰধান শিক্ষক কুলধৰ চুতীয়াৰ সভাপতিত্বৰে আৰম্ভ হোৱা সভাখনিত উপস্থিত থাকে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিকাশ বৰা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা উৎপল বৰাকে ধৰি বহুকেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে।

Related Articles