‘ময়ো মৰি যোৱাই ভাল আছিল’ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জন সদস্যৰ মৃত্যুৰ পিছত সি দিয়া মন্তব্য এয়া। পৰিয়ালক হেৰুৱাই অনুশোচনাত দগ্ধ হৈ পৰিছে এতিয়া মহছুদ আজহাৰ।(Masood Azhar)
যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈছে ভাৰতে। আজি পুৱাৰ ভাগত ভাৰতে পাকিস্তান আৰু PoKৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰে। এই আক্ৰমণত বহু সংখ্যক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে।
অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ বাহাৱালপুৰত জইছ-ই-মহম্মদৰ মূল ঘাটি মাৰ্কাজ চুভান আল্লাহৰ ওপৰত ভাৰতীয় বাহিনীয়ে চলোৱা আক্ৰমণত মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল নিহত হৈছে। খবৰ অনুসৰি এই আক্ৰমণত মাছুদ আজহাৰৰ পত্নী, পুত্ৰ আৰু জ্যেষ্ঠ ভগ্নীকে ধৰি সমগ্ৰ পৰিয়ালৰ ১০ জন সদস্য নিহত হয়।
ভাৰতীয় সেনাৰ এই কাৰ্যত মৌলানা কাচিফ আৰু তেওঁৰ পৰিয়াল, মৌলানা আব্দুল ৰাউফৰ ডাঙৰ কন্যা, নাতি আৰু চাৰিটা সন্তানৰ লগতে আপ্পা ছৌদি আৰু তেওঁৰ পৰিয়ালকো হত্যা কৰা হয়। সমগ্ৰ পৰিয়ালটোক হত্যা কৰাৰ পিছত মাছুদ আজহাৰে ক’লে যে মইও মৰি যোৱা হ’লে ভাল আছিল।
পঞ্জাৱৰ ভাৱালপুৰত জেইছ-ই-মহম্মদৰ হেড কুৱাটাৰ আছিল পৰিয়ালটো। সেই হেড কুৱাটাৰ টোকে উৰুৱাই দিয়ে ভাৰতীয় সেনাই।সেই হেড কুৱাটাৰৰ পৰাই আজমল কাছাব,হাফিছ ছৈয়দ দৰে সন্ত্ৰাসক প্ৰশিক্ষণ দিছিল।

