Breaking

এবছু আৰু ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত গণ সচেতনতা মেল

0 1,605

ভাষা,সাহিত্য-সংস্কৃতি,শিক্ষা, মাধ্যম নহলে এটা জাতিৰ পৰিচয় পোৱা নাযায়।প্ৰথমে আমি আমাৰ প্ৰজন্মক নিজৰ মাকক ভাল পাবলৈ শিকাব লাগিব তাৰ পাছত নিজৰ মাতৃ ভাষাক তেনেকৈ জাতি আৰু দেশ খনক ভাল পোৱা কৰিব পাৰিলে আমি সফল হম। চৰকাৰ খনে আদৰ্শ বিদ্যালয় স্থাপনেৰে মাতৃ ভাষাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে, সেয়েহে আকৌ ভাষা আন্দোলন গঢ়ি তোলাৰ সময় আহিল।ৰাজ্যখনৰ শিক্ষামন্ত্ৰীয়ে অসমৰ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ নহয় বুলি কৰা ঘোষণা কৰা কাৰ্যত জাঙুৰ খাই নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োয়ে এনেদৰে কয়।চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈ গণিত আৰু বিজ্ঞান বিষয়টি ইংৰাজী মাধ্যম কৰিব কাৰ্যক তীব্ৰ ভাবে গৰিহণা দি বিজ্ঞানী চি ভি ৰমনৰ প্ৰসংগৰে কয় যে আমি বিজ্ঞান মাতৃভাষা মাধ্যমত পঢ়ুৱাব লাগে।নহলে বিজ্ঞান বিষয়টি কিছু মুষ্টিমেয় মানুহৰ কচৰৎহে হৈ থাকিব।য’ত সাধাৰণ মানুহে ভাগ লব নোৱাৰিব বুলি কয়।

আজি ভেৰগাঁওস্থিত বজাৰ খোলাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গণ সচেতনতা মেলৰ উদ্দেশ্যে বাখ্যা কৰে বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়োয়ে।ভাষণৰ প্ৰসংগত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োয়ে অসম চৰকাৰৰ শিক্ষা বিভাগে যি হঠকাৰী সিদ্ধান্ত লৈ বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ কৰিব বিচৰা আৰু প্ৰাথমিক পৰ্যায়ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈ গণিত আৰু বিজ্ঞান বিষয়টি ইংৰাজী মাধ্যম কৰিব বিচৰা সেয়া বাতিল নকৰিলে তীব্ৰৰ পৰা তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি কয়।এই সন্দৰ্ভত বড়ো সাহিত্য সভা নতুবা সমগ্ৰ বড়ো জাতিয়ে এই সংগ্ৰামখনত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ২০২০ৰ ২৭ জানুৱাৰীত তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ ৬.৩ দফা অনুযায়ী বিটিএডি অঞ্চলৰ অপ্ৰাদেশিকীকৃৎ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছিল।ইয়াৰ উপৰিও এৱছু আৰু বড়ো সাহিত্য সভাৰ স’তে ২০২১ চনৰ ১৯ডিচেম্বৰত ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ অধ্যক্ষতাত গঠিত হোৱা কমিটিৰ জৰিয়তে অপ্ৰাদেশিকীকৃত বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ হ’ৱ বুলি আলোচনা কৰা হৈছিল।


আনহাতে চলিত বৰ্ষৰ ২২জুনত বড়ো মাধ্যমৰ অপ্ৰাদেশিকীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ বাবে বাজেট প্ৰস্তুত কৰা হ’ব বুলিও ঘোষণা কৰা হৈছিল কিন্তু কি কাৰণত চৰকাৰে নিজে প্ৰস্তাৱ লোৱা নীতি নিজে উলংঘা কৰিব বিচৰা কাৰ্যক বিজেপি নেতৃত্বাধীন চৰকাৰখনলৈ তীব্ৰ হুংকাৰ দিয়ে বড়ো সাহিত্য সভাই। আইৰ মুখৰ মাত ,মাতৃ ভাষা মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ অসাংবিধানিক নীতি আৰু ইংৰাজী ভাষা বলপূৰ্বক জাপি দিব বিচৰা কাৰ্য কোনো কালে সফল হ’ব দিব নোৱাৰো বুলি কয়।আনহাতে অসমত ৬০ শতাংশ ইংৰাজী মাধ্যম ব্যৱহাৰ কৰি ৪০ শতাংশ অসমীয়া বা বড়ো মাধ্যম জীয়াই নাথাকে বুলি স্পষ্ট কৰি দিয়ে।আজিৰ গণ সচেতনতা মেল যোগেদি চৰকাৰৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ ৰণ হুংকাৰ দিয়ে।আনহাতে টেট পাছ কৰা শিক্ষাৰ্থীক অতি সোনকালে নিযুক্তি দিবলৈ দাবী জনায়।

Leave A Reply