
অহিংস নীতিৰে সমগ্ৰ বিশ্বতে সুকীয়া আদৰ্শ দাঙি ধৰা মহামানৱ মহাত্মা গান্ধীৰ 152 সংখ্যক জন্ম জয়ন্তী সমগ্ৰ দেশতে ভিন ভিন কাৰ্যসূচীৰে উদযাপন কৰা হয় । গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰতো আজি পালন কৰা হয় জাতিৰ পিতাজনাৰ জন্ম জয়ন্তী। মহামানৱ জনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৰপথাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু বৰপথাৰ পৌৰসভাৰ সহযোগত পৰিবেশ নিকাকৰণৰ বাবে চাফাই অভিযান চলোৱা হয়। আজি পুৱা 6 বাজি 30 মিনিটত বৰপথাৰ নগৰৰ মাজমজিয়াত সকলো একেলগ হৈ হাতে হাতে ঝাড়ু লৈ সমগ্ৰ নগৰখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি তুলে ।

এই কাৰ্যসূচীত বৰপথাৰ পৌৰসভাৰ সকলো বিষয়া-কৰ্মচাৰী আৰু বৰপথাৰ ব্যৱসায়ী সন্থাৰ সকলো সদস্য উপস্থিত থাকে। উল্লেখ্য যে বৰপথাৰ ব্যৱসায়ী সন্থাই নগৰখনৰ স্বাৰ্থত বিভিন্ন ধৰণৰ কাৰ্যসূচী বিগত সমছোৱাত গ্ৰহণ কৰি আহিছে। লগতে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে বৰপথাৰ পৌৰসভা আৰু ব্যৱসায়ী সন্থাই নগৰখন সদায়ে স্বচ্ছভাৱে আৰু প্লাষ্টিক মুক্ত কৰি ৰাখিবলৈ সকলো ব্যৱসায়ী তথা জনসাধাৰণক আহ্বান জনায়। আনহাতে বৰপথাৰ পৌৰসভাৰ উদ্যোগতো পালন কৰা হয় গান্ধী জয়ন্তী ।

পুৱা 8 বাজি 30 মিনিটত নগৰখনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন আৰু বৃক্ষ ৰোপণেৰে মহামানৱ জনাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশ, বৰপথাৰ পৌৰসভাৰ কায্যবাহী বিষয়া প্ৰাঞ্জিল গগৈ, বৰপথাৰ ব্যৱসায়ী সন্থাৰ সম্পাদক বিবেকানন্দ দত্ত লগতে বৰপথাৰ পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, বৰপথাৰ ব্যৱসায়ী সন্থাৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। জাতিৰ পিতাৰ জন্ম জয়ন্তীৰ লগতে সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযানৰ তৰফৰ পৰা স্বচ্ছ বৰপথাৰ গঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা চৈধ্য টাকৈ মহিলা গোটক সন্মান জনোৱা হয় লগতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত মহিলা গোটৰ সদস্য সকলক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় । উল্লেখ্য যে আৰাধনা নামৰ মহিলা গোটে স্বচ্ছ ভাৰত অভিযানৰ তৰফৰ পৰা প্ৰথম পুৰস্কাৰ লাভ কৰে । ইপিনে এই অনুষ্ঠানতে বৰপথাৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলক এজোৰকৈ পোচাক, টুপী আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ।


