Breaking

ৰঙিয়াত পুঠিমাৰী নদীৰ ওপৰত থকা দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি । চপাৰে চপৰে খহিল দলংৰ দুয়োটা মূৰ ।

0 527

বাৰিষা অহাৰ লগে লগে ফেনে ফোটোকাৰে বাঢ়ি আহিছে ৰাজ্যৰ নৈ-উপনৈ সমূহ ।সেই সময়তে ৰঙিয়াৰ নিকটৱৰ্তী মধুকুচিত পুঠিমাৰী নদীৰ ওপৰত থকা এখন দলঙৰ দুয়োটা মূৰ ভয়ংকৰ ভাবে খহি যোৱা পৰিলক্ষিত হৈছে ।নদীৰ পানী কিছু ওপৰলৈ উঠি অহাৰ লগে লগে দলং খনৰ দুয়ো মূৰে শিলৰ যি বান্ধ দিয়া আছিল সেই বান্ধ বৃহৎ বৃহৎ ফাট মেলি খহি পৰিছে ।কেবাকৌটি টকাৰ চৰকাৰী ধন শৰাধ কৰি নিৰ্মান কৰি উলিওৱা দলং খনৰ দুয়োটা মূৰ অতি নিম্ন মানৰ কামেৰে নিজৰ দায়িত্ব সামৰি বৃহৎ পৰিমাণৰ ধন সৰকাই লৈ যায় প্ৰভু আগৰৱাল নামৰ ঠিকাদাৰ জনে ।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি প্ৰথমতে প্ৰায় 22কোটি টকা তাৰ পিছত 42 কোটি টকা আৱন্তন দিয়া হৈছিল এই দলং খনৰ নামত । ৰাইজে অভিযোগ কৰি কয় যে প্ৰভু আগৰৱাল নামৰ ঠিকাদাৰ জনে নিজৰ ময়মতালিৰে কাম কৰি গৈছিল ৰাইজে বহু বাৰ অভিযোগ দিয়াৰ পিছতো তেওঁ কানসাৰ দিয়া নাছিল । আনহাতে দলং খনৰ দুয়োটা মূৰ যথেষ্ট থিয়কৈ নিৰ্মাণ কৰি থৈছে যাৰ ফলত এখন ৰিক্সা বা সাধাৰণ চাইকেল আৰোহি এজনে পাৰ হʼব লাগিলে অন্য মানুহৰ সহায় অবিহনে পাৰ হʼব নোৱাৰে ,লগতে দুয়োটা মূৰত যি Approach আছে তাত গাৰ্ড ৱাল দিয়াৰ আশ্বাস দিছিল বিভাগীয় অভিযন্তাই কিন্তু সেইয়া ও আজিলৈকে হৈ নুঠিল । বাৰিষাৰ আৰম্ভনিতে এইদৰে দলংখনৰ দুয়োটা মূৰ সহি যোৱাৰ ফলত চিন্তিত হৈ পৰিছে গাঁও বাসী সকল,কিয়নো আগন্তুক সময়ত এই গৰাসহনীয়াৰ ফলত কাষতে থকা মথাউৰী ভাঙি যিকোনোমুহুৰ্ততে বৃহত্তৰ অঞ্চলটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে । প্ৰশ্ন হয় যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী পিযুশ হাজৰিকাক ৰাজ্যৰ প্ৰতিটো মথাউৰী তদাৰক কৰিবলৈ নিৰ্দেশ দিছে, সেই সময়ত ৰঙিয়াৰ এই দলংখন অথবা মথাউৰীটোৰ ক্ষেত্ৰত কিয় একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? ইয়াকেলৈ ৰাইজ ক্ষোভিত হৈছে ।

Leave A Reply