ৰৌতা ষ্টেচনত  মিলি – জুলি সংঘৰ উদ্যোগত ৰঙালী  বিহু উদযাপনৰ ব্যাপক আয়োজন

বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা ষ্টেচনৰ মাধৱ কন্দলী  ৰংগমঞ্চৰ প্ৰাংগণ  পথাৰত  ৰৌতা ষ্টেচন মিলি – জুলি সংঘৰ উদ্যোগত   এইবাৰ  ১৫ এপ্ৰিল  আৰু ১৭ এপ্ৰিলৰ লগতে ১৮ এপ্ৰিলত   তিনিদিনীয়া বৰ্ণাঢ্য   কাৰ্যসূচীৰে ১৯ তম  ৰঙালী  বিহুটি  উদযাপনৰ  ব্যাপকভাৱে আয়োজন  কৰিছে । অসমীয়াৰ প্ৰধান লোক – উৎসৱ  তথা  জনকৃষ্টি হিচাপে  পালন  কৰি  অহা  বিহুটিলৈ  মাজতে  মাত্ৰ  বাকী  আছে  কেইদিনমান   ।  সেয়েহে  বসন্তৰ পৰশত   আগন্তুক  অসমীয়া  বছৰটোৰ  শুভ  প্ৰাৰ্থনাৰ  জয়ধ্বনিৰে  ৰৌতা ষ্টেচনৰ  কৃষ্টিৰ  বাকৰিত  সংকৃষ্টিৰ সঁফুৰা  সৃষ্টি কৰি  সমন্বয় আৰু  জনকৃষ্টিৰ চানেকি হিচাপে প্ৰত্যেক বছৰৰ দৰেই এইবেলি প্ৰয়াস কৰা কাৰ্যসূচীৰ ভিতৰত আছে  প্ৰথম দিনা  ১৫  এপ্ৰিলত  পুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন । ইয়াৰ পাছতে পুৱা  ৯- ৩০  বজাত  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান  । পুৱা ১০ বজাত  গছলৈ  বিহুৱান  বৰণ  আৰু  পুৱা ১০- ৩০  বজাত  বৃক্ষৰোপণ  কাৰ্যসূচীৰ অনুষ্ঠান অনুষ্ঠিত হ’ব । একেদৰে দ্বিতীয় অৰ্থাৎ ১৭  এপ্ৰিলৰ দিনা এই বিহু উৎসৱত অনুষ্ঠিত হ’ব মুকলি বিহু প্ৰতিযোগিতা । ৰৌতা ষ্টেচন অঞ্চলটোত  মিলনৰ সেঁতু গঢ়াৰ  পটভূমিৰে এই মুকলি বিহু প্ৰতিযোগিতাত  উদ্বোধক  স্বৰূপে  উপস্থিত থাকিব  ৩৭ নম্বৰ ধনশ্ৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ  ফ্ৰেচ মোছাহাৰী । মুকলি বিহুৰ প্ৰথম পুৰস্কাৰত  স্বৰ্গীয় ৰাম অবদ সিংঙৰ  সোৱৰণত এককালীন বঁটাসহ নগদ ধন আৰু দ্বিতীয় পুৰষ্কাৰত এককালীন বঁটাসহ নগদ ধনৰ লগতে শ্ৰেষ্ঠা বিহুৱতিক স্বৰ্গীয় ধনঞ্জয় দাসৰ সোঁৱৰণত এককালীন বঁটাসহ নগদ ধনৰ  উপৰিও শ্ৰেষ্ঠ ঢুলীয়াত স্বৰ্গীয় সদানন্দ পাঠকৰ সোঁৱৰণত এককালীন বঁটাসহ নগদ ধন প্ৰদান কৰিব । সেইদৰে তৃতীয় অৰ্থাৎ ১৮ এপ্ৰিল সামৰণিৰ  দিনা আবেলি চাৰি বজাৰ পৰা বিহু নৃত্য প্ৰদৰ্শন কৰিব । সন্ধিয়া পাঁচ বজাৰ পৰা মৌ- কুঁৱৰি প্ৰতিযোগিতা । সন্ধিয়া ছয় বজাৰ পৰা জনজাতীয় নৃত্য প্ৰদৰ্শন ।

সন্ধিয়া চাৰে ছয় বজাৰ পৰা বৰ্ণাঢ্য ৰূপত সাংস্কৃতিক সমাৰোহ ।  এই সমাৰোহ উদ্বোধন কৰিব গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত দাসে । সন্ধিয়া সাত বজাৰ পৰা জনপ্ৰিয় ইউ -টিউবাৰ ভাঙা টি ভিৰ খ্যাত দ্বীপজ্যোতি ডেকাৰ কৌতুক প্ৰদৰ্শনৰ শেষত  নিশা আঠ বজাৰ পৰা সাংস্কৃতিক সমাৰোহত বিশেষ আকৰ্ষণ হিচাপে কন্ঠশিল্পী ভাস্কৰ অপ্সৱে ‘ৰ  গীতৰ শৰাই । ইয়াৰ পাছতে   সুমন দাসে সভাপতি  আৰু  সঞ্জীৱ কুমাৰ দাসে সম্পাদকৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি থকা    ৰৌতা ষ্টেচন মিলি – জুলি সংঘৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধূম – ধামেৰে  অনুষ্ঠিত কৰা  ৰৌতা ষ্টেচন ৰঙালী বিহু উদযাপন সমিতিৰ সামৰণি পৰিব অসমীয়াৰ জাতীয় গৌৰৱৰ বাহক  ৰঙালী বিহু সন্মিলন  । গতিকে,  চ’তে  গৈয়ে  গৈয়ে  বহাগী পালেহি ,বুলিলে ভেবলি লতা ,কৈ  থাকো  মানে ওৰকে নপৰে  ৰঙালী  বিহুটিৰ  কথা ।‘সেয়েহে  আদৰৰ  এই  বিহুটিৰ প্ৰতিটো  কাৰ্যসূচীতে  অঞ্চলটোৰ  সকলো জাতি জনগোষ্ঠীৰ  ৰাইজৰে  সহায় আৰু সহযোগিতা উদ্যোক্তাসকলে  আন্তৰিকাৰে  কামনা কৰিছে  ।

Related Articles