Breaking

দুলীয়াজানৰ টেঙাখাট ধৰিয়া দীঘলীয়া গাওঁ পঞ্চায়তত চৰকাৰী আবাস গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি

0 72

যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সবল নেতৃত্বত গ্রাম্য অঞ্চল সমূহত দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা লোক সকলক চৰকাৰী ভাবে এটাকৈ আবাস গৃহ প্ৰদান কৰি দেশখনৰ পৰা দৰিদ্ৰতা নিৰ্মূলৰ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে দুলিয়াজান বিধানসভা সমষ্টিৰ টেঙাখাট ধৰিয়া দীঘলীয়া পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডত গৃহ সমূহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে।

মন কৰিব লগীয়া যে ৯ নম্বৰ ৱাৰ্ডৰ স্বৰ্গীয় পাওঁলোচ কাশ্যপ নামৰ ব্যক্তিজনে এটা চৰকাৰী গৃহ উল্লেখিত পঞ্চায়তটোৰ পৰা লাভ কৰিছিল যদিও ব্যক্তি জনৰ মৃত্যু হোৱাত তেওঁৰ কন্যা শিবা কাশ্যপে বাসগৃহটো লাভ কৰিছিল যদিও বিগত দুটা বছৰেও নিৰ্মান সম্পূৰ্ণ হৈ নোঠাত পৰিয়ালটোৰ লগতে সচেতন ব্যক্তি সকল সংবাদ মাধ্যমৰ কাষ চাপি পঞ্চায়তটোৰ সভানেত্ৰী আৰু ৱাৰ্ড সদস্য গৰাকীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে।

Leave A Reply