বঙাইগাঁৱৰ কীৰ্ত্তনপাৰাত পথ নিৰ্মাণত বৃহৎ দূৰ্নীতিঃ দুমাহ আগতে নিৰ্মাণ হোৱা পথ ভাঙি সভাপতিৰ ঘৰত লৈ যোৱাৰ অভিযোগ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কীৰ্তনপাৰা বজাৰৰ ৰাস্তা নামত ১৬ লাখ ৫৪ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগত পঞ্চায়ত সভানেত্ৰী পুৰ্নিমা মণ্ডলৰ লগতে সচিব ছফিউৰ ৰহমান বিৰূদ্ধে। যোৱা দুই তিনি মাহ আগতে কীৰ্ত্তনপাৰা গাওঁ পঞ্চায়তৰ বিভিন্ন আচনিৰ ধন কাটি আনি কীৰ্ত্তনপাৰা বজাৰৰ মাজেৰে থুলমূলকৈ ছিছি ব্লগৰ ৰাস্তা নিৰ্মাণ কৰিছিল পঞ্চায়ত সভানেত্ৰী পুৰ্নিমা মণ্ডলে।কিন্তু ৰাস্তাখন সম্পূৰ্ণ হোৱা দুমাহ নহওঁতেই ভাঙি তহিলং কৰিলে সভানেত্ৰীত লগতে আগশাৰীৰ ঠিকাদাৰ ৰুদ্ৰ পাঠকে। ৰাস্তা ভাঙি ছিছি ব্লগৰ লগতে সামগ্ৰীখিনি সভানেত্ৰীৰ ঘৰৰ চোতালত ৰাখি থোৱাৰ সময়তে সাংবাদিকৰ এটি সঁজাতী দলে সভানেত্ৰীৰ ঘৰত উপস্থিত হয় যদিও সাংবাদিকৰ কেমেৰা দেখি সভানেত্ৰী গৰাকীয়ে পলাই যায়। ইয়াৰ পিছতেই সামগ্ৰীসমূহ পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰতে ৰাখে। উল্লেখ্য যে সৃজনগ্ৰামৰ পৰা কীৰ্ত্তনপাৰা হৈ চাকলালৈ যোৱা PWD পোকী ৰাস্তাৰ বাবে ১০ বছৰ আগতে চৰকাৰে ধন মুকলি কৰি দিছে কিন্তু এতিয়ালৈ ৰাস্তাখন সম্পূৰ্ণ হৈ নুঠিল। কাৰ নিৰ্দেশতে আৰু কিয় ৰাস্তাখন ভাঙিলে এতিয়ালৈকে জানিব পৰা নাই।

স্থানীয় ৰাইজৰ অভিযোগ ৰাস্তাখন যদি ভাঙিবই লাগে কিয় নিৰ্মাণ কৰিছিলে ৰাস্তাটো, নে ১৬.৫৪ লাখ টকা আত্মসাৎ কৰাৰ বাবেই থুলমুলকৈ নিৰ্মাণ কৰিছিল পথটো। বঙাইগাঁও জিলা প্ৰশাসনৰ লগতে হিমন্ত বিশ্ব শৰ্মাক তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দ্বাবী জনাইছে ৰাইজে। লগতে অতি সোনকালেই ৰাস্তাটো পকী কৰিবলৈ অনুৰোধ জনাইছে।

Related Articles