Breaking

লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুপগুৰী গাওঁ পঞ্চায়তত PMAYG গৃহৰ নামত ব্যাপক দুৰ্নীতি

0 2,044

লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুপগুৰি গাওঁ পঞ্চায়তত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি । দুবছৰ পূৰ্বে সংশ্লিষ্ট গাওঁ পঞ্চায়তটোৰ বিশেষভাৱে সক্ষম কৰিমন নেছা নামৰ মহিলাগৰাকীয়ে লাভ কৰিছিল এটি PMAYG গৃহ । গৃহটোৰ নিৰ্মাণৰ কামৰ দায়িত্ব সংশ্লিষ্ট গাওঁ পঞ্চায়তটোৰ সভাপতি মস্তোফা আহমেদে লৈ অৰ্ধ নিৰ্মিত অৱস্থাতে নিজৰ দ্বায়িত্ব সামৰে । দৰিদ্ৰ হিতাধিকাৰী মহিলাগৰাকীৰ পৰা চক্ৰান্ত কৰি কৌশলৰে ATM কাৰ্ড , বেংক পাচবুক সংগ্ৰহ কৰি বাকী সম্পূৰ্ণ ধন আত্মসাৎ কৰে সভাপতিগৰাকীয়ে ।

গৃহটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ হিতাধিকাৰী মহিলা গৰাকীয়ে সভাপতিজনক কলে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অসহায় মহিলাগৰাকীয়ে । ইফালে দৰিদ্ৰ মহিলাগৰাকীৰ গৃহৰ ধন আত্মসাৎ কৰা সভাপতিজনৰ বিৰুদ্ধে স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে । লগতে গাওঁ পঞ্চায়তটোত এক তদন্তৰ দাবী জনায় স্থানীয়লোকে  ।এতিয়া প্ৰশ্ন হয় শাৰীৰিক ভাৱে বিশেষ সক্ষম মহিলাৰ নামত আৱণ্টিত গৃহৰ ধন আত্মসাৎৰ অভিযোগ উখাপন কৰা পঞ্চায়তটো সভাপতি বিৰুদ্ধে শ্লংলিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহন কৰে, সেইয়া হৱ লক্ষণীয় ?

Leave A Reply