ধুবুৰী খাদ্য আৰু যোগান বিভাগে জিলাখনৰ জমাদাৰহাট সমবায় সমিতিৰ পৰা এক অভিযোগ ৰ ভিত্তিত আজি এক অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ চাউল জব্দ কৰাৰ ঘটনাত তীব্র চাঞ্চল্য ৰ সৃষ্টি হৈছে।
ঘটনাৰ সম্পর্কে ধুবুৰী খাদ্য আৰু যোগান বিভাগ ৰ উপ সঞ্চালক বিপিন চন্দ্র চক্ৰবৰ্তী জনায়, এক অভিযোগ ৰ ভিওিত জিলাৰ জমাদাৰহাট সমবায় সমিতিত অবৈধ জমা হৈ থকাৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ দিয়া হয়। নিৰ্দেশ মৰ্মে ধুবুৰী খাদ্য আৰু যোগান বিভাগ ৰ পৰিদৰ্শক প্ৰদীপ প্ৰসাদ, বিপুল শৰ্মা, উপ পৰিদৰ্শক দেবাশীষ সাহা যোৱা কালি জমাদাৰহাট সমবায় সমিতির কাৰ্য্যালয়ত উপস্থিত হৈ সমিতিৰ নথীপএ, পৰীক্ষা কৰা ৰ লগতে গোডাউন ত জমা হৈ থকা চাউলৰ হিচাপে পৰীক্ষা কৰি ব্যাপক বিসংগতি ধৰা পৰে। আৰু গোডাউন ত ৭৭.৪৭ কুইন্টাল চাউল বেচি কৈ জমা পায়। সেয়ে তদন্তকাৰী বিষয়াৰ দল জমাদাৰহাট সমবায় সমিতি ৰ ভাৰপ্ৰাপ্ত সম্পাদক মোজাহারুল ইছলাম ৰ পৰা ৬৪৮.১২ কুইন্টাল চাউল(১৩১২ বেগ), নথীপএ জব্দ কৰি আজি এক প্ৰতিবেদন দাখিল কৰে। এই সম্পর্কে আইন গত ব্যা বস্তা গ্রহণ কৰাৰ লগতে নিলম্বিত হোৱাৰ সম্ভাবনা আছে বুলি উপ সঞ্চালকে জনায় ।
ধুবুৰী যোগান বিভাগৰ অবৈধ চোৰাং চাউলৰ বিৰুদ্ধে ব্যাপক অভিযান

