Breaking

লাহৰীঘাট বজাৰত ভয়াবহ অগ্নিকাণ্ডত বৃহৎ পৰিমাণৰ ক্ষয় ক্ষতি :দুপৰীয়াৰ অগ্নিকাণ্ডত দাউ দাউ জ্বলিল দোকান পোহাৰ

0 2,040

আজি দুপৰীয়া প্ৰায় ২•৩০ বজাত মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ থানাৰ উত্তৰত অৱস্থিত  দোকানত অকস্মাত জুই লাগি হোটেল, কিতাপ দোকান, পান দোকান , ফাৰ্মাচি ডিষ্টিভিউটাৰ , কম্পিউটাৰ দোকান  , মবাইল ৰিচাৰ্ছ ডিষ্টিভিউটাৰ দোকানৰ , ফ্ৰীজৰ দোকানৰ  লগতে  আৰু বহুতো দোকান পুৰি ভষ্মীভূত হয় । অৱশ্যে ধিং আৰু  ভূৰাগাঁৱৰ পৰা  অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাঢ়ী  আহি জুই নুমুৱাবলৈ সক্ষম হয়  যদিও  তাৰ আগতেই প্ৰখৰ  ৰদত জুইয়ে সকলো ছাৰখাৰ হৈ গৈছিল । লাহৰীঘাট থানাৰ আৰক্ষী প্ৰশাসন তথা স্হানীয় ৰাইজেও বহু কষ্ট কৰি জুই নুমুৱাবলৈ চেষ্টা কৰিছিল ।এফালে কৰোনা মহামাৰী  , মিনি লক ডাউন , সান্ধ্য  আইনে জুৰুলা কৰা  অৱস্হাত  এতিয়া  আকৌ প্ৰকাণ্ড জুইৰ কৱলত ক্ষুদ্ৰ ব্যৱসায়ী তথা ডিষ্টিভিউটাৰ সকলৰ মূৰত ৰাম টাঙোনে  তেওঁ লোকৰ একমাত্ৰ জীৱিকা উপাৰ্জনৰ পথ সম্পূৰ্ণ ৰূপে তচনচ কৰিলে ।অৱশ্যে জুই নুমুৱাৰ পিছত  আৰক্ষীয়ে ব্লাষ্ট হোৱা চিলিণ্ডাৰৰ মূখৰ  অংশ উদ্বাৰ কৰা পৰিলক্ষিত হয়। সৰ্বাধিক ক্ষতি ডিষ্টিভিউটাৰ সকলৰ হোৱা বুলি জানিব পৰা গৈছে। ইফালে পেপাৰ  এজেঞ্চি ৰহমান বুক ষ্টলো পুৰি ভষ্মীভূত হয় । 

Leave A Reply