Breaking

চিলাপথাৰত পুৱাৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড: দুখন হোটেলসহ কেইবাটাও বাসগৃহ ভষ্মীভূত…

0 76

চিলাপথাৰত আজি পুৱাৰ ভাগত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, দুখন হোটেলসহ কেইবাটাও বাসগৃহ ভষ্মীভূত। পুৱা প্ৰায় ৭.৩০ বজাত চিলাপথাৰ-লিকাবালি পথৰ ফুডভিলা নামৰ হোটেলখন হঠাৎ দপদপাই জ্বলি উঠাত হুৱা দুৱা লাগে। এফালৰ পৰা জ্বলি নিঃশেষ হয় হোটেলখন। মূহুৰ্তৰ ভিতৰতে জুই সম্প্ৰসাৰিত হৈ পাঞ্জাৱ হোটেলখনো লগত ভষ্মীভূত হয় ৷ জুইৰ লেলিহান শিখাই হোটেল দুখনৰ সংলগ্ন কেইবাটাও ঘৰ ধ্বংস কৰে। ঘটনাস্থলীৰ পৰা আহিল চিলিণ্ডাৰৰ বিস্ফোৰণৰ বিকট শব্দ। অগ্নিকাণ্ড ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।

চিলাপথাৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লিকাবালিৰ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আৰু স্থানীয় ৰাইজৰ সহযোগত কোনো মতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ঘটনাটোত আটাইকেইটা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিৰ সন্মুখীন হয় পৰিয়ালকেইটা। ঘটনাস্থলীৰ পৰা চাৰিটাকৈ জ্বলা চিলিণ্ডাৰ উদ্ধাৰ হয়। ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। স্থানীয় ব্যৱসায়ী সকলৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক প্ৰয়োজনীয় সাহাৰ্য্য দি সহায় কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত আহ্বান জনাইছে।

চিলাপথাৰৰ পৰা বিকাশ শইকীয়াৰ প্ৰতিবেদন

Leave A Reply