Breaking

নতুন বছৰত দুৰ্ঘটনামুক্ত অসমৰ আহ্বানেৰে জনতা ভৱন সমীপত পৰিবহণ বিভাগৰ ব্যাপক জনসচেতনতা সভা-পদযাত্ৰা

0 32

“চালকসকল ভগৱান শ্ৰীকৃষ্ণৰ নিচিনা। ভগৱান শ্ৰীকৃষ্ণ প্ৰথম চালক। চালকসকল সাৰথি । শ্ৰীকৃষ্ণই ৰথী অৰ্জুনক সম্পূৰ্ণ সুৰক্ষা দিয়াৰ দৰে প্ৰতিগৰাকী চালকে যাত্ৰীক সুৰক্ষা দিবলৈ চেষ্টা কৰে। সেয়ে চালকসকলক আমি ভগৱান শ্ৰীকৃষ্ণৰ দৰে জ্ঞান কৰি যাত্ৰাৰ সময়ত তেওঁৰ প্ৰতি বিশ্বাস আৰু আস্থা ৰাখি নিজৰ সুৰক্ষাত মনোনিৱেশ কৰিব লাগে ৷”- এই ব্যতিক্ৰমী আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২০২৬চনৰ ভিতৰত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানত পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ চুকে-কোণে নিজে বাইক ৰেলী কৰি পথ-সুৰক্ষা জনসচেতনতা যাত্ৰা অব্যাহত ৰখাৰ সময়তে দেওবাৰে জনতা ভৱন খেলপথাৰত এক পথ-সুৰক্ষা সজাগতা অনুষ্ঠানত উপস্থিত থাকি চালকসকলক উপযুক্ত মৰ্যাদা প্ৰদান কৰি এক সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ বাবে দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাত সহযোগ কৰিবলৈ সকলোৰে প্ৰতি প্ৰতি আহ্বান জনায়।

ৰাজ্যৰ পৰিবহণ আয়ুক্ত অংকুৰ জৈন, জিলা আয়ুক্ত সুমিত সাত্তায়ন, কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব হেমন্ত দেউৰী ভড়ালী, বিশিষ্ট ভাস্কৰ বীৰেণ সিংহ, নাট্যকৰ্মী দুলাল ৰয়, চিকিৎসক-কথাশিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, ডা° হীতেশ বৰুৱা, ডাঃ ৰাহুল বৰুৱা, সঙ্গীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য শিল্পী ৰঞ্জুমনি শইকীয়া, অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ নয়নমনি শইকীয়া, খেলুৱৈ জোনমণি দাস, বিশিষ্ট ক্ৰীড়া সংগঠক বলেন চক্ৰৱৰ্তী, বিশিষ্ট সাংবাদিক নৰেশ কলিতা, অচ্যুত কুমাৰ পাটোৱাৰী, বিশ্বজিত দাস, প্ৰাণজিত শইকীয়া, ৰাজদীপ বাইলুং, অভিনেত্ৰী-উপন্যাসিকা ড° আকাশীতৰা শইকীয়া, গায়ত্ৰী বৰা, লোকসঙ্গীত শিল্পী জিনা ৰাজকুমাৰী আদি প্ৰায় সকলো ক্ষেত্ৰৰ কুৰিৰো অধিক অগ্ৰণী ব্যক্তিৰ উপস্থিতিত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ আহ্বান ক্ৰমে অনুষ্ঠিত জনসচেতনতা সভা আৰু সংকল্প পদযাত্ৰাত অংশগ্ৰহণ কৰি পৰিবহণ মন্ত্ৰী গৰাকীয়ে আনকি নিজে অনুষ্ঠানৰ প্ৰতিগৰাকী অতিথিকে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনাই সমাজৰ সকলো স্তৰলৈ পথ-সুৰক্ষা সজাগতা আগবঢ়াই নিয়াত নিজকে একোগৰাকী যোদ্ধা হিচাপে অৱৰ্ত্তীণ হ’বলৈ আহ্বান জনায়।


ৰাজ্যৰ পৰিবহণ আয়ুক্ত অংকুৰ জৈনে আদৰণি ভাষণ দিয়া ব্যতিক্ৰমী অনুষ্ঠানটোৰ আৰম্ভণিতে উদেশ্য বাখ্যা কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ বলিষ্ঠ পদক্ষেপ হিচাপে ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ জনতা ভৱনৰ সমীপৰ পৰাই নতুন বছৰৰ প্ৰাকক্ষণত ৰাজ্যৰ বৰেণ্য ব্যক্তিসকলৰ গৌৰৱময় উপস্থিতিত সকলো শ্ৰেণীৰ লোককে পথ সুৰক্ষা বজাই ৰাখিবলৈ অতি বিনয়েৰে আহ্বান জনাই ৷ ৰাজপথত প্ৰতিটো মুহূৰ্ততে শৃংখলা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ ক্ষেত্ৰত পথচাৰী, যানবাহন ব্যৱহাৰকাৰীকে ধৰি প্ৰতিগৰাকী ব্যক্তিৰে ভূমিকা অপৰিহাৰ্য বুলি উল্লেখ কৰি পথ-সুৰক্ষা সজাগতা তৃণমূল পৰ্যায়লৈকে বিস্তাৰিতভাৱে আগবঢ়াই নিবলৈ তেওঁ আহ্বান জনায়।

বিগত সময়ত পথ দুৰ্ঘটনাত নিহত-আহতৰ এটি পৰিসংখ্যা আগবঢ়াই সমাজত দিনকদিনে ভয়ংকৰ ৰূপধাৰণ কৰা পথ-দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত সজাগতা, সচেতনতাই মূল আধাৰ বুলি উল্লেখ কৰি প্ৰত্যেকেই নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে আনকো সুৰক্ষা দিয়াত মনোনিৱেশ কৰিবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে আহ্বান জনায় । অনুষ্ঠানত ডা° অঞ্জন জ্যোতি চৌধুৰীয়ে ড° ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” চিৰযুগমীয়া গীত পৰিবেশন কৰি ব্যস্ত পথত আগবাঢ়োতে পাৰ্যমানে আনক সহায় কৰাৰ আহ্বান জনায়।

ভাস্কৰ বীৰেণ সিংহ, বিশিষ্ট নাট্যকৰ্মী দুলাল ৰয়, অভিনেতা প্ৰাঞ্জল শইকীয়া, সাংবাদিক নৰেশ কলিতা, অচ্যুত কুমাৰ পাটোৱাৰী, অভিনেত্ৰী ড° আকাশীতৰা শইকীয়া আদি বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই অনাগত দিনত অসমক দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সকলোকে আপ্ৰাণ প্ৰচেষ্টা চলোৱাৰ আহ্বান জনোৱাৰ লগতে যানবাহন আইন মানি চলিবলৈ সকিয়াই দিয়ে। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত, কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ আহ্বানক্ৰমে পথ সুৰক্ষা জনসচেতনতা অনুষ্ঠানত মহানগৰীৰ বিভিন্ন ক্ষেত্ৰৰ কেইবা শতাধিক লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক সঞ্চালকালৰ শিল্পীসকলৰ উপৰি বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানে গীত-নৃত্য নাট পৰিবেশন কৰি পদযাত্ৰা উলিয়াই অসমৰ ৰাজপথত সকলোৰে সহযোগত সকলোৰে নিশ্চিত সুৰক্ষাৰ আহ্বান জনায় ৷

Leave A Reply