ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি ব্ৰইলাৰ মাংস আৰু মাছৰ মূল্য…

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ব্ৰইলাৰ মাংস আৰু মাছৰ মূল্য। কিছুদিন আগলৈকে গুৱাহাটীত ১ কেজি কাটা ব্ৰইলাৰ মাংসৰ মূল্য আছিল ২৬০ টকাৰ পৰা ২৮০ টকা। কিন্তু হঠাৎ এই মূল্য বৃদ্ধি হৈ এতিয়া প্ৰতি কিলোগ্ৰাম কাটা ব্ৰইলাৰ মাংসৰ মূল্য ৩৪০ টকা হৈছেগৈ।

সেই নিৰ্দেশনা অনুসৰি পশ্চিমবংগকে ধৰি বহিঃৰাজ্যত দেখা দিয়া বাৰ্ড ফ্লু ৰোগৰ বাবে অসমলৈ বহিঃৰাজ্যৰ ব্ৰইলাৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত বাতৰি প্ৰকাশ পাইছিল কিদৰে বহিঃৰাজ্যৰ পৰা শ্ৰীৰামপুৰ মাজেৰে অসমলৈ ব্ৰইলাৰ কঢ়িওৱা গাড়ী পাৰ হ’বলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে জব্দ কৰিছিল।

বিগত ২ মাহে ৰাজ্যলৈ অহা নাই বহিঃৰাজ্যৰ ব্ৰইলাৰ। অৱশ্য তাৰ মাজতে কুকুৰা পালক সন্থাই কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগৰ চৰকাৰক ব্ৰইলাৰ সৰবৰাহৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আহিছে।কিন্তু এই পৰ্যন্ত এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। কুকুৰা পালক সন্থাৰ বিষয়ববীয়া মদন মোহনে এই সন্দৰ্ভত কয়, সীমান্ত বন্ধ হৈ থকাৰ বাবেই বিগত মাত্ৰ ১০ টা দিনত ক্ষতি হৈছে ৫০০ কোটি টকা।

Related Articles