Breaking

মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা, আৰক্ষীৰ জালত ৪৩ টা চিলিণ্ডাৰ সহ এজন

0 61

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত মহানগৰ গুৱাহাটীত শনিবাৰে এক অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত এজন ব্যক্তিৰ জিম্মাৰ পৰা ৪৩ টা চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।

মহানগৰ আৰক্ষীয়ে জানিবলৈ দিয়ামতে এছ টি এফ আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্হাৰ যৌথ অভিযান হাতীগাঁৱৰ এখন গেলামালৰ দোকানত অবৈধ ভাবে মজুত কৰি ৰখা ৪৩ টা চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বিপনীখনৰ স্বত্বাধিকাৰ যোগেশ কলিতাক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply