Breaking

নাজিৰা নিৰ্বাচনী জিলাত ব্যাপক ভোটাৰ সজাগতা অভিযান কাৰ্যসূচী

0 2,273

 ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে বৰ্তমান চলি থকা ফটোযুক্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী, ২০২২ প্ৰতি লক্ষ্য ৰাখি নাজিৰা নিৰ্বাচনী জিলাত ভোটাৰৰ মাজত ব্যাপক প্ৰচাৰ অভিযান হাতত লৈছে। বিগত প্ৰায় এক সপ্তাহজুৰি নাজিৰা জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি সব্যসাচী কাশ্যপৰ তত্বাবধানত  এই অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ভোটাৰক সজাগ কৰাৰ লক্ষ্যৰে মহকুমাধিপতিৰ সামগ্ৰিক পৰিকল্পনাৰে প্ৰস্তুত কৰা এটি চুটি ভি ডি অ’ নাজিৰা মহকুমা প্ৰশাসনৰ ফেচবুক পেজত মুকলি কৰা হৈছে আৰু কমসময়ৰ ভিতৰতে ই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মহকুমাটোৰ অন্তৰ্গত নাজিৰা, মেকীপুৰ, ৰমণী, জয়মতী, ৰহদৈপুখুৰী আদি পঞ্চায়তত ভোটাৰৰ মাজত সজাগতা সৃষ্টি লগতে ভোটাৰ হেল্পলাইন এপৰ সন্দৰ্ভতো প্ৰচাৰ চলোৱা হয়। উল্লেখযোগ্য যে  ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে অতি সহজতে ঘৰতে বহি ভোটাৰ তালিকাত নতুন নাম অৰ্ন্তভূক্তি, কৰ্তন, শুধৰণী আদি বিভিন্ন কাম কৰিব পাৰি। নাজিৰা আৰু শিমলুগুৰি নগৰৰ মূল প্ৰাণ কেন্দ্ৰতো এই এপৰ বিষয়ে শিৱিৰ অনুষ্ঠিত কৰা হয়। ইয়াতকৈ উল্লেখনীয় দিশ এইয়াই যে মহকুমাটোৰ অন্তৰ্গত সাতখনকৈ চাহ বাগিচা সামৰি সেই এলেকা সমূহত বিশেষ সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হয়। যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে গড়গাঁও মহাবিদ্যালয়, নাজিৰা মহাবিদ্যালয় আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বিশেষভাৱে ভোটাৰ হেল্পলাইন এপৰ বিষয়ে প্ৰচাৰ আৰু প্ৰশিক্ষণ দিয়া হয়। লগতে গড়গাঁও মহাবিদ্যালয়ত পোষ্টাৰ প্ৰদৰ্শনী আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিতাও সম্পন্ন হৈ যায়। সমগ্ৰ নাজিৰা বিধান সভা সমষ্টি এলেকাসমূহত ভ্ৰাম্যমান বাহনৰ যোগেদি মাইকৰ দ্বাৰা ধাৰাবহিকভাৱে ঘোষণা কৰি ভোটাৰ ৰাইজক উৎসাহিত কৰা পৰিলক্ষিত হয়। এই সমগ্ৰ কাৰ্যসসূচীত নিয়োজিত সহকাৰী নিৰ্বাচক পঞ্জীয়ক বিষয়া, পৰ্যবেক্ষক আৰু সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া সকলে সহযোগ আগবঢ়ায়।

Leave A Reply