আজি মহানগৰীৰ কলাক্ষেত্ৰত মটক(Mattak Community)জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূর্ণ প্ৰতীক হিচাপে “গছ তলৰ বিহু”ৰ প্ৰতীক পটৰ শুভ উদ্বোধন অনুষ্ঠিত হয়। মটক স্বায়ত্ব শাসিত পৰিষদৰ তত্ত্বাৱধানত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি আৰু জনগোষ্ঠীৰ সদস্যসকলে উপস্থিত থাকি অনুষ্ঠানক গৌৰৱজনক ৰূপত সম্পন্ন কৰে।

দীৰ্ঘদিন ধৰি মটক জনগোষ্ঠীয়ে দাবী কৰি অহা গছ তলৰ বিহুৰ সাংস্কৃতিক স্বীকৃতি আজি এক প্ৰতীক পটৰ ৰূপত কলাক্ষেত্ৰত স্থান লাভ কৰাত আনন্দৰ সোঁত বৈ গৈছে সম্প্ৰদায়টোৰ মাজত।

উল্লেখযোগ্য যে, এই প্ৰতীক পটটি মটক জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ কৰা হৈছে। মটক সমাজৰ ধৰ্মীয়, সামাজিক, আৰু সাংস্কৃতিক পৰিচয় বহন কৰা এই বিহু উৎসৱৰ প্ৰতীকটোৱে ৰাজ্যিক পৰ্যায়ত মটক সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।

অনুষ্ঠানত মটক সমাজৰ ঐতিহাসিক পটভূমি, সংস্কৃতি, নৃত্য-গীত, পৰম্পৰা আৰু “গছ তলৰ বিহু”ৰ বৈশিষ্ট্যক কেন্দ্ৰ কৰি আলোচনা সভা আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়।

এই অনুষ্ঠানৰ জৰিয়তে মটক জনগোষ্ঠীয়ে নিজৰ ঐতিহ্যক ৰাজহুৱা ভাৱে প্ৰতিষ্ঠা কৰাৰ লগতে, নতুন প্ৰজন্মৰ বাবে এটি সাংস্কৃতিক সচেতনতাৰ বাতৰি আগবঢ়াব পাৰে বুলি অভিমত প্ৰকাশ কৰা হৈছে।