তিনিচুকীয়াৰ লাইপুলি ইন্দিৰা গান্ধী হাইস্কুল খেলপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত আজি মাউতঘাট মাটিয়াখানা এফ চি দলে বাৰেকুৰী ফুটবল ক্লাবক হেৰুৱাই চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। লাইপুলি যুৱক বৃন্দৰ উদ্যোগত অনুষ্ঠিত তীব্ৰ উত্তেজনাময় চূড়ান্ত খেলখনত বিজয়ী দলে বাৰেকুৰী দলক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰে। একমাত্ৰ গ’লটো দিয়ে বাবলু গোৱলাই । খেলৰ অন্তত জিন্টু নেওগে আঁতধৰা বঁটা বিতৰণী সভাত বিজয়ী দলক নগদ ১০০০১.০০ টকাসহ ট্ৰফি প্ৰদান কৰাৰ বিপৰীতে বিজিত দলক ৫০০১.০০ টকাসহ ট্ৰফি প্ৰদান কৰে আয়োজকে । চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় বাৰেকুৰীৰ প্ৰাণজ্যোতি চুতীয়া । মেন অৱ দি চিৰিজৰ সন্মান অৰ্জন কৰে মাউতঘাটৰ বাবলু গোৱালাই আৰু শ্ৰেষ্ঠ গ’ল কীপাৰৰ সন্মান অৰ্জন কৰে মাউতঘাটৰ আনন্দ তপ্নই।উল্লেখ্য যে উক্ত নক্আউত পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখনত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিছিল। আনহাতে চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত পানীতোলা স্পৰ্টচ একাডেমী আৰু লাইপুলি স্পৰ্টচ একাডেমীৰ মাজত ( ১২ বছৰ অনুৰ্ধ্ব ) প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত হয় । উক্ত খেলখনত পানীতোলা স্পৰ্টচ একাডেমীয়ে লাইপুলি স্পৰ্টচ একাডেমীক ৩-০ গলৰ ব্যৱধানত পৰাজিত কৰে। চূড়ান্ত খেলত আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল লাইপুলি ইন্দিৰা গান্ধী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ কুমাৰ ৰাজখোৱা, বুকৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাম গোঁহাই, সমাজকৰ্মী তিলক বৰপাত্ৰগোঁহাই, মুলেন চেতিয়া, ললিত চেতিয়া, যাদৱ ৰাজখোৱা, দেৱকান্ত গোঁহাই, সাংবাদিক দিব্যজ্যোতি ফুকন, অনুপম বুঢ়াগোহাঁইকে ধৰি বহু গন্যমান্য ব্যক্তি।

