উত্তৰ আয়াৰলেণ্ডত সাঁতোৰ বিষয়ত গৱেষণাৰ বাবে ফেল’চিপ লাভ ডিমৌ লখিমীনগৰ মেক্স ইন্দু ফুকনৰ

শিৱসাগৰ জিলাৰ ডিমৌৰ মেক্স ইন্দু ফুকনে সাঁতোৰ বিষয়ত গৱেষণা কৰিবৰ বাবে ভাইচ চেনেলৰ ৰিৰ্চাজ স্কলাৰস্বিপ লাভ কৰিবলৈ সক্ষম হৈছে৷

ডিমৌ লখিমীনগৰ নিবাসী মুকুন্দ ফুকন আৰু ইন্দিৰা বুঢ়াগোঁহাই ফুকনৰ একমাত্ৰ পুত্ৰ মেক্স ইন্দু ফুকনে ইংলেণ্ডৰ ইনষ্টিটিউট অৱ স্পৰ্ট ইউনিভাৰচিটি অৱ হাৰফ’ডচাইৰ ত টেকনিকেল অফিচাৰ হিচাপে কৰ্মৰত হৈ আছে৷

সৰুৰে পৰা অত্যন্ত উৎসাহী ফুকনে পহিলা ছেপ্তেম্বৰত ইংলেণ্ডৰপৰা উত্তৰ আয়াৰলেণ্ডৰ ইউনিভাৰচিটি অৱ উলষ্টাৰত গৱেষণা কৰিবলৈ ৰাওনা হ’ব৷

মেক্স ইন্দু ফুকনে ইংলেণ্ডৰ লীডচ বেকেট বিশ্ববিদ্যালয়ৰ পৰা ২০২২ বৰ্ষত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷

আনহাতে গোৱালিয়ৰত অৱস্থিত লক্ষ্মীবাই নেশ্ব্যনেল ইনষ্টিটিউট অৱ ফিজিকেল এডোকেশ্বন বি-পেইড যোৰহাটৰ ৰৰৈয়াত অৱস্থিত আসাম ৰাইফলচ্ পাব্লিক স্কুলৰপৰা উচ্চতৰ মাধ্যমিক আৰু ডিমৌ ৰাইচাইৰ চেণ্ট মেৰি স্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয়৷

অন্যহাতে মেক্স ইন্দু ফুকনে শিৱসাগৰ জিলাৰ হৈ সাঁতোৰত প্ৰতিনিধিত্ব কৰা প্ৰথমজন ৰাষ্ট্ৰীয় সাঁতোৰবিদ৷

ডিমৌৰ এই ছাত্র জনৰ সফলতাত অঞ্চলবাসীক গৌৰৱান্বিত  কৰি তোলা বুলি সচেতন মহলে মন্তব্য কৰিছে।

Related Articles