পশ্চিম যোৰহাটৰ ম’হবন্ধাত মে-ডাম-মে-ফি পালন

স্বৰ্গৰ অধিপতি,জলৰ অধিপতি,জ্ঞানৰ দেৱতা,দেৱগুৰু,মৃতকসকল,যম-যখিনী,সপ্তমণ্ডলৰ গৰাকী,পৃথিৱীৰ গৰাকী আৰু ব্ৰজ-বিজুলী আদিক পূজা-অৰ্চনা কৰাৰ উদ্দেশ্যে ৩১ জানুৱাৰীত  সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম যোৰহাটৰ বিভিন্ন স্থানত মে-ডাম-মে-ফি পালন কৰা হয়।উপৰিপুৰুষসকলক আৰু দেৱ-দেৱতাসকলক সন্তুষ্ট কৰি ৰখাৰ বাবেই জাতীয় সাজপাৰ পৰিধান কৰি টাই আহোমসকলে বিভিন্ন নৈবেদ্য উপকৰণ আগবঢ়াই মে-ডাম-মে-ফি ম’হবন্ধা স্থিত ছুকাফা সমণ্বয় ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় অধীনস্থ সাংস্কৃতিক কেন্দ্ৰটোৰ সহযোগত ছুকাফা সমণ্বয় ক্ষেত্ৰ পৰিচালনা সমিতিখনে পালন কৰা মে-ডাম-মে-ফিৰ কাৰ্যসূচীত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে।মে-ডাম-মে-ফিৰ তাৎপৰ্য সম্পৰ্কত অৰুণ বৰপাত্ৰগোহাঁই,যোগেশ্বৰ গগৈ প্ৰমুখ্যে বিভিন্নজনে উপস্থিতসকলক বুজাই দিয়ে।অঞ্চলটোৰ মেলেঙ্গীয়ালটো দীপক গগৈ প্ৰমুখ্যে যুৱকসকলৰ উদ্যোগত মে-ডাম-মে-ফি পালন কৰা হয়।অঞ্চলটোৰ আহোম বসতি প্ৰধান গাঁওসমূহত পালন কৰা মে-ডাম-মে-ফিত কাষৰীয়া গাওঁসমূহৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে সহযোগিতা কৰে।

Related Articles