Breaking

মায়ামৰা লোক সাংস্কৃতিক সাধক কিমন ফুকনৰ মৃত্যু…

0 41

ডিব্ৰুগড় জিলাৰ চাবুৱা নিকটৱৰ্তী চেতিয়া গাঁৱৰ নিবাসী, জনপ্ৰিয় সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত চৰকাৰী গাঁওবুঢ়া কিমন ফুকনৰ (৮২) ৪ ফ্ৰেব্ৰুৱাৰীত দিনৰ ১ বজাত আকস্মিকভাৱে হৃদয়ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লয়। স্বাভাৱিকতে এই খবৰে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলায় । জানিব পৰা মতে সুদীৰ্ঘ বছৰ ধৰি মায়ামৰা ধৰ্মীয় সমাজৰ মৃদংগীয়া গায়ন-বায়নৰ ওজা হিচাপে পৰিচিত প্রয়াত কিমন ফুকনে তিনিচুকীয়া জিলাৰ পানীতোলাত এখনি বৰসবাহত কীৰ্তন কৰি থকা অৱস্থাতে গা বেয়া লাগি ঢলি পৰে ।

ৰাইজে ততাতৈয়াকৈ অসুস্থ হৈ পৰা ব্যক্তিজনক চিকিৎসাৰ বাবে টাটা ৰেফাৰেল এণ্ড হস্পিটেললৈ লৈ যায় যদিও চিকিৎসকে ব্যক্তিজনক ইতিমধ্যে মৃত বুলি জ্ঞাত কৰে । উল্লেখ্য যে ১৯৪১ চনত জন্ম গ্ৰহণ কৰা প্ৰয়াত কিমন ফুকন প্ৰাক্তন চৰকাৰী গাঁওবুঢ়া হিচাপে কৰ্তব্য পালন কৰাৰ লগতে স্থানীয় বহু কেইটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেতে এগৰাকী মায়ামৰা ধৰ্মীয় সমাজৰ গায়ন-বায়নৰ ওজা হিচাপে অগনন যুৱকক প্ৰশিক্ষণ প্ৰদান কৰিছিল।

গাঁওবুঢ়া হিচাপে গাঁৱৰ ভকত সমাজত সংস্কাৰ আনি ভক্ত সমাজখনক আগুৱাই নিবলৈ সক্ষম হৈছিল। তেখেতৰ এই ব্যক্তিত্ব গুণৰ বাবে বহু অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে। এইগৰাকী সৰবৰহী সাংস্কৃতিক সাধকৰ মৃত্যত চেতিয়া গাঁও সূৰ্যোদয় সংঘ, চাবুৱা কাৰাটে একাডেমি, হাতীআলি এথলেটিকচ্ সন্থা, চাবুৱা আঞ্চলিক কৰ্মচাৰী পৰিষদ, মটক সম্মিলন, চাবুৱা আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে গাঁৱৰ যুৱ সমাজে শোক প্ৰকাশ কৰৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। অগনন গুণমুগ্ধসকলৰ উপস্থিতিত মায়ামৰা ধৰ্মীয় ৰীতি নীতিৰে এক শোকাকুল পৰিৱেশৰ মাজেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। মৃত্যুৰ সময়ত তেখেতে পুত্ৰ, বোৱাৰী আৰু এটি নাতিক এৰি থৈ গৈছে ।

Leave A Reply