Breaking

মোক ধৰাৰ পূৰ্বে ফেৰেংগা, বিদাই আৰু চাওৰাইগৌৰাক ধৰকঃ এম বাথা

0 43

এনডিএফবিৰ দুধৰ্ষ নেতা বিনোদ মুছাহাৰী ওৰফে এম বাথা মূলসূঁতিলৈ ঘূৰি অহাৰ পিছত নিয়াৰ বিশেষ আদালতে এম বাথাক পলাতক ঘোষণা কৰাৰ উপৰিও আদালতত হাজিৰ হবলৈ চমন জাৰি কৰাৰ পিছতে আজি এম বাথাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সম্প্ৰতি কোকৰাঝাৰ ডেজিগনেটেট কেম্পত থকা এম বাথাই নিয়াৰ চমন বাহিৰ হোৱাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মোক ধৰাৰ পূৰ্বে ফেৰেংগা ,বিদাই আৰু চাওৰাইগৌৰাক ধৰক । এয়া ২০১৫ চনৰ কেচ আৰু সেইসময়ত মই বেমাৰত আছিলো । সিহঁতক হে ধৰিব লাগে ।সিহঁত শান্তি চুক্তি কৰিছে , শান্তি চুক্তি মতে গোচৰ প্ৰত্যাহাৰ হব লাগে । অকল মোক কিয় নিৰ্যাতন কৰি থাকে , সিহঁতক আগত ধৰক । বৰ্তমান মই এনএলএফবি হিচাপে ডেজিগনেটেট কেম্পত আছো ।

মুখ্যমন্ত্ৰীৱে ভালদৰে থাকিব কৈছে , আমিও ভালদৰে আছো কিন্তু খোৱা -লোৱাৰ অভাৱ হৈছে । ৰাজ্য চৰকাৰে খোৱা – লোৱাৰ খৰছ বহন কৰিব বিচাৰিছিল কিন্তু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে খোৱাৰ দায়িত্ব নিজে লৈছিল যদিও এতিয়া প্ৰমোদ বড়োই তেওঁলোকক খাব নিদিয়ে । প্ৰমোদ বড়োৰ ওপৰত ক্ষুব্ধ হৈ এম বাথাই কয় যে প্ৰমোদ বড়োই এতিয়া তেওঁলোকক খাব নিদিয়ে কিন্তু  কিমানদিন ?  তিনিবছৰ পিছত নতুন চৰকাৰ হব । তেতিয়া কিবা নহয় কিবা এটা হব । চৰকাৰৰ সতে আলোচনা চলি আছে  আৰু অহা জানুৱাৰীত কিবা এটা ভাল হব বুলি আশা প্ৰকাশ কৰিছে একালৰ দুধৰ্ষ বিনোদ মুছাহাৰী ওৰফে এম বাথাই। উল্লেখ্য যে নিয়াৰ বিশেষ আদালতে ৫/১৫ নং গোচৰৰ ভিত্তিত এম বাথাক গুৱাহাটীৰ নিয়াৰ বিশেষ আদালতত কালি অৰ্থাৎ ১৮ ডিচেম্বৰত হাজিৰ হবলৈ বাতৰি কাকত যোগে বিজ্ঞাপন প্ৰকাশ কৰিছিল । 

Leave A Reply