Breaking

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মিলন সমাৰোহ

0 17

মহানগৰীৰ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ মিলন সমাৰোহখন আজি দিনযোৰা কাৰ্যসূচীৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় ।সমাৰোহ উদযাপন সমিতিৰ সভাপতি ছৰিফ উল্লা আৰু সম্পাদকদ্বয় ক্ৰমে কুমুদ চন্দ্ৰ দাস আৰু ছাহজাহান আলীয়ে জানিবলৈ দিয়া মতে আজি পুৱা ৮:৩০ বজাৰ পৰা সদস্য সকলৰ নাম পঞ্জীয়ন কৰা হয় । ইয়াৰ পিছত ৮:৪০ বজাত সন্মিলনৰ পতাকা আনুষ্ঠানিক ভাৱে উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ছৰিফ উল্লাই ।

শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদকদ্বয় কুমুদ চন্দ্ৰ দাস আৰু ছাহজাহান আলীয়ে । পুৱা ৯:৩০ বজাত প্ৰয়াত ছাত্ৰ-ছাত্ৰী , শিক্ষক আৰু কৰ্মচাৰী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ চন্দ্ৰ দাসে । দিনৰ ১০ বজাত বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চৰীফা আৰা আহমেদ আৰু প্ৰাক্তন ছাত্ৰ আব্দুল আজিজ আলীয়ে । দিনৰ ১০:১৫ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ অশোক ঠাকুৰীয়াই ।

বিয়লি ৩ বজাত স্মৃতিগ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ভবেন ঠাকুৰীয়াই । বিয়লি ৪ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়া বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ মহানন্দ কুমাৰে । ইয়াৰ পিছত অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ অনুষ্ঠানিক ভাৱে মুকলি কৰে ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সিয়ে । এক উছাহমুখৰ পৰিবেশত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । উল্লেখ্য যে আজি অনুষ্ঠিত মিলন সমাৰোহত প্ৰায় তিনি সহস্ৰাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আবেগিক হৈ পৰে ।

Leave A Reply