আজি অসম বিধানসভাৰ সভাকক্ষত ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই অধিৱেশন সন্দৰ্ভত সংঘৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অধিৱেশনখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতসকলক চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে কেবিনেট সতীৰ্থ ডাঃ ৰণোজ পেগু আৰু সঞ্জয় কিষাণ, মাননীয় সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ মাননীয় বিধায়ক ভুবন পেগু উপস্থিত আছিল।