Breaking

লাইমেকুৰীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি সংহতি গোটৰ সভা…           

0 19

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১ নং লালী,৫ নং অৱাং জোনাই আৰু ৬ নং সানজাৰি নৌগৌৰ সমষ্টিৰ যুটীয়াকৈ “সমষ্টি সংহতি গোটৰ সভা” আজি লাইমেকুৰী কৃষ্টি ভৱনত প্ৰ অনুষ্ঠিত কৰা হয়।সন্মিলিত গণ শক্তি, অসমৰ জোনাই সমষ্টি সমিতিৰ সভাপতি মূলাকান্ত পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৫ নং অৱাং জোনাই পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ববীকান্ত পেগুয়ে। সভাত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১ নং লালী আৰু ৫ নং অৱাং জোনাই পৰিষদীয় সমষ্টিৰ সমষ্টি সংহতি গোটৰ তত্বাৱধায়ক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য  মলেন্দ্ৰ নাৰ্জাৰীয়ে কয় মিচিং স্বায়ত্তশাসিত পৰিষদে স্বায়ত্ত পৰিষদৰ এলেকাধীন অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিক বিকাশৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি  জীৱন-

জীৱিকা পথ উন্নত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি উল্লেখ কৰি শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আৰ্থিক অনুদানৰ জৰিয়তে গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত নামভৰ্তি  কৰি দক্ষতা-বিকাশৰ পাঠদান গ্ৰহণৰ আঁচনি গ্ৰহণ কৰিছে বুলি বক্তব্য আগবঢ়াই পুনৰ কয়”আমাৰ পথাৰ-আমাৰ বজাৰ” এই নীতি অৱলম্বন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে বিজ্ঞানসন্মত তথা উন্নত প্ৰযুক্তিৰ দ্বাৰা মীন পালন, গাহৰি পালন, হাঁহ-কুকুৰা পালন আৰু কৃষিকৰ্মত মনোনিবেশ কৰি ৰাইজক আৰ্থিক স্বাৱলম্বী হোৱাৰ পথ সুগম কৰি তোলাৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি ৰূপায়নৰ কাম হাতত লৈছে বুলি ভাষন

ৰাখে। আজিৰ সভাতে ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ বিভিন্ন শিতানৰ হিতাধীকাৰী বাচনি কৰাৰ উপৰি ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ পুঁজি আৱন্টনৰ ওপৰত আলোচনা কৰা হয়।সমষ্টি সংহতি গোটৰ সভাত টিএমপিকেৰ জোনাই জিলা সমিতিৰ সদস্য দিপক দলে ,টিএমএমকেৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা বিচন্তী টায়ে,জোনাই জিলা সমিতিৰ সহকাৰী সম্পাদিকা ৰুণুমাই দলে,অৱাং জোনাই সমষ্টিৰ সভানেত্ৰী ৰুপিকা পাতিৰ, এবছুৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক মথুৰাজ মুছাহাৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী,সন্মিলিত গণ শক্তি, অসমৰ ডেকাপাম পঞ্চায়ত সমিতিৰ সভাপতি কমলেশ্বৰ পেগু, টিএমপিকে, এমএমকেৰ লাইমেকুৰী, তেলাম, ডেকাপাম আঞ্চলিক সমিতিৰ বিষয়ববীয়া,মিচিং স্বায়ত্তশাসিত পৰিষদৰ বহু সংখ্যক ঠিকাদাৰ, স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply