সমগ্ৰ ভাৰতবৰ্ষই যোৱা কালি বিনামূলীয়া কভিড ১৯ ভেকচিন প্ৰদানৰে বিশ্বৰ ভিতৰতে এক গৌৰৱ কঢ়িয়াই আনিছে | এই ঐতিহাসিক দিনটো ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাতো উদযাপন কৰা হয় | এই উপলক্ষে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয় | এই অনুষ্ঠানতে কঠিন সময়ৰ মাজতো অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি নিৰন্তৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী চলাই থাকি জিলাখনৰ ভিতৰতে বিশেষ পাৰদৰ্শিতা পৰিদৰ্শন কৰা তিনিগৰাকী এ. এন. এম. ক্ৰমে লুণা মেধি, দুলুমনি দাস আৰু সংগীতা বৰাক জিলা উপায়ুক্তই সম্বৰ্ধনা জনায় | ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ স্বাস্থ্য বিভাগৰ সমুহ কৰ্মীৰ নিস্বাৰ্থ সেৱাৰ শলাগ লয় আৰু অনাগত দিনত একেই উদ্যম আৰু সেৱাৰ মানসিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায় | সভাত অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, ৰিংখাং মাছাহাৰী, অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা ৰোহিনী বৰকটকী, অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা যুগল কলিতা আৰু স্বাস্থ্য বিভাগৰ বহু কেইগৰাকী বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে |

