Breaking

মৰিয়নিৰ নকছাৰিত ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ আৱণ্টন সন্দৰ্ভত সভা

0 55

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলাৰ অন্তৰ্গত পূৱ যোৰহাট আঞ্চলিক সমিতিৰ স্থায়ী কাৰ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক সভাত চাহ খেতিয়কৰ ১২জন খেতিয়কক আবণ্টন পত্ৰ প্ৰদান কৰে।সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , বিধায়ক ৰূপজ্যোতি কুৰ্মি লগতে ৰাজহ চক্ৰ বিষয়া অসীম বৰগোহাঁই উপস্থিত থাকি আবণ্টন বিতৰণ কৰাৰ উপৰও ক্ষুদ্ৰ চাহ খেতিয়ক সকলে আগলৈ কেনেকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ মানদণ্ড বৰ্তাই ৰাখিবৰ কাৰণে লবলগীয়া কৰ্ম আঁচনিৰ কথা কৈ সকলো খেতিয়কৰ মন আপ্লুত কৰে। সেই সভাতেই প্ৰায় ১৫০ খেতিয়কক টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিকৰ তৰফৰ পৰা জৈৱিক চাহ খেতিৰ ওপৰত এক কৰ্মশালাৰ অনুষ্ঠিত কৰা, হয়। টোকোলাই ।চাহ গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিক শ্যামল প্ৰসাদ বৰুৱা,সত্যৰঞ্জন শৰ্মা,ঈশান কুমাৰ ফুকন এই তিনিগৰাকী বৈজ্ঞানিকে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেনেদৰে জৈৱিক চাহ খেতি কৰিব আৰু লাভাম্বিত হব সকলো বিতং ভাবে প্ৰশিক্ষণ আগবঢ়ায় ।ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলাৰ সভাপতি জীৱন শইকীয়া আৰু সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা লগতে বিষয় ববীয়া সকল উপস্থিত থাকে।


সভাখন সভাপতিত্ব কৰে আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ গগৈ ।আঞ্চলিক সমিতিৰ তৰফৰ পৰা ।এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে আঞ্চলিক সমিতিৰ সম্পাদক অচিন্ত্য গগৈ আৰু জিলা সমিতিৰ সাংগঠনিক সম্পাদক ভূপেন গগৈয়ে।


মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

Leave A Reply