Breaking

মায়ঙৰ বৰবড়ী মেৰৰ হাবি নদীৰ পাৰত বিশাল পাগলা মেলাৰ আয়োজন

0 56

মৰিগাঁও জিলা মায়ঙৰ মেৰৰ হাবিত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৬ষ্টম বাৰ্ষিক পাগলা মেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হয়।২৫,২৬ আৰু ২৭ এপ্ৰিল তাৰিখে হবলগীয়া এই পাগলা মেলালৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যথেষ্ট মানুহৰ সমাগম পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে প্ৰয়াত পীৰ মতলেব মাষ্টাৰ ওৰফে নাক্কা ডাক্তৰৰ সোঁৱৰণীত এই মেলা অনুষ্ঠিত কৰা হয়।

ইয়াত ওৱাজ মেহফিল, জিকিৰ গজল,মুশীদি গান আৰু বিভিন্ন ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা দেখা যায়। পাগলা মেলালৈ ৰাইজৰ সহায় সহযোগিতা আৰু ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে মেলা পৰিচালনা কমিটীৰ বিষয়-ববীয়াই।

মায়ঙৰ পৰা আবজল উদ্দিন আহমেদৰ প্ৰতিবেদন

Leave A Reply