মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ সত্ৰ ন্যায়াধীশ আদালতৰ গৃহ উদ্বোধন কৰে মেঘালয়ৰ মূখ্যমন্ত্ৰী আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীয়ে

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ আমপাতিত দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ জিলা ও সত্ৰ ন্যায়ালয় আদলতৰ স্থায়ী গৃহৰ শুভ উদ্বোধন কৰে মেঘালয়ৰ মূখ্যমন্ত্ৰী কৰ্নৰাড কে চাংমা আৰু মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীয়ে ৷মূখ্যমন্ত্ৰী আৰু মূখ্য ন্যায়াধীশ গৰাকীক পৰম্পৰাগত নৃত্য আৰু গীতেৰে আদৰণী জনায় ৷উক্ত অনুষ্ঠানত উপস্থিত থাকে মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ W. Diengdoh, মহেন্দ্ৰগঞ্জ বিধান সভা সমষ্টিৰ বিধায়িকা ডি কাঞ্চী ডি শিৰা, চালমন পাৰা বিধান সভা সমষ্টিৰ বিধায়ক উইনাৰচন ডি চাংমাৰ লগতে বিভিন্ন উচ্চ পৰ্যায়ৰ বিষয়া ৷


উদ্বোধনী অনুষ্ঠানত মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীয়ে ভাষণ প্ৰদান কৰি কয় আদালতে ৰাইজৰ অধিকাৰ প্ৰদান কৰে আনহাতে মূখ্যমন্ত্ৰী গৰাকীও গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৷ উল্লেখ্য যে ২০১৭ চনৰ পৰা অস্থায়ী গৃহত চলি আছিল দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদলত।

Related Articles