Breaking

নিউ আৰ্ট প্লেয়াৰ্ছৰ সদস্য সকলে প্ৰাক্তন অধ্যক্ষা চিত্ৰা চৌধুৰীক ৰঙালীৰ ওলগ আৰু সম্ভাষণ জ্ঞাপন কৰে…

0 61

গুৱাহাটীৰ আগশাৰীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছে প্ৰতিবছৰে ৰঙালী বিহুৰ সময়ত সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ ভাবে আগবঢ়োৱা সেৱাৰ বাবে কেইগৰাকীমান জেষ্ঠ ব্যক্তিক ওলগ আৰু সম্ভাষণ জনাই আহিছে৷ এই পৰম্পৰা ৰক্ষা কৰি এই বছৰৰ পহিলা ব’হাগ (১৫ এপ্ৰিল) তাৰিখে নিউ আৰ্ট প্লেয়াৰ্ছে এক কাৰ্যসূচীৰ জৰিয়তে ক্ৰমে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পি.জি. আগাৰৱাল, তাৰিণী চৰণ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা চিত্ৰা চৌধুৰী, প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা আৰু ভাৰতীয় বন সেৱাৰ অবসৰপ্ৰাপ্ত বিষয়া ৰূদ্ৰ চন্দ্ৰ গোস্বামীৰ বাসভৱনলৈ গৈ ৰঙালীৰ ওলগ জনায় ৷

সম্ভাষণ গ্ৰহণ কৰি প্ৰতিগৰাকী ব্যক্তিয়েই নিউ আৰ্ট প্লেয়াৰ্ছৰ এনেধৰণৰ কাৰ্য্যসূচীৰ ভূয়সী প্ৰসংশা কৰে আৰু এই সন্মানৰ বাবে গৌৰৱান্বিত বুলি প্ৰকাশ কৰে৷ এই সম্বৰ্ধনা কাৰ্যসূচীত নিউ আৰ্ট প্লেয়াৰ্ছৰহৈ সভাপতি অজয় দত্ত, সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্যৰ লগতে সংঘৰ জেষ্ঠ সদস্য কল্যাণ কুমাৰ দাস, লক্ষী দাস আৰু উৎপল গোস্বামীয়ে প্ৰতিনিধিত্ব কৰে৷


Leave A Reply