Breaking

দুনীত সাংবাদিক দীপক কুমাৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

0 2,333

দৰঙৰ প্ৰয়াত সাহিত্যিক, সাংবাদিক কৃতী শিক্ষক দীপক কুমাৰ শৰ্মাৰ এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় পশ্চিম দৰঙৰ বুঢ়াত ।প্ৰকৃতি বন্ধু নামৰ প্ৰকৃতি প্ৰেমী সংগঠনৰ উদ্যোগত বুঢ়া আৰক্ষী চকী চৌহদত অনুষ্ঠিত সভাত  অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে  ।২০২০ বৰ্ষৰ ২১ ডিচেম্বৰত মৃত্যু হোৱা  শিক্ষকগৰাকী ৰ স্মৃতি চাৰণ সভাত  অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যপৰ্ণ কৰাৰ লগতে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়ো বৰঙণি বিষয়ে উল্লেখ কৰে ।বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলি কুমাৰে দোচাডে উদ্বোধন কৰা স্মৃতি চাৰণ সভাত সাহিত্যিক তথা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক  কমলাকান্ত ডেকাই দীপক কুমাৰ শৰ্মাৰ জীৱন, কৃতি আৰু সাহিত্য সৃষ্টি সন্দৰ্ভত বিস্তৃত ভাৱে ব্যাখ্যা কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে ।বিশিষ্ট চিকিৎসক,কবি ডাঃ কমলা শৰ্মাই সঞ্চালনা কৰা স্মৃতি চাৰণ সভাত অখিল ৰঞ্জন ভট্ৰ,ডাঃ মৃন্ময় নাথ,নাট্যকাৰ নৰেশ্বৰ কলিতা,অৱসৰী আৰক্ষী বিষয়া চক্ৰধৰ ডেকাই বিশেষ ভাৱে অংশগ্ৰহণ কৰে ।আনহাতে প্ৰকৃতি বন্ধু সংস্থা ই প্ৰয়াত শিক্ষক সাংবাদিক গৰাকীক “চিন্তা বৃক্ষ” উপাধি মৰোনত্তৰ ভাৱে প্ৰদান কৰাৰ কথা ৰাজহুৱা ভাৱে প্ৰকাশ কৰে ।

Leave A Reply