Breaking

দুৰ্ঘটনা প্ৰতিৰোধৰ দাবীত ইউথ এম্পাৱাৰমেন্ট ফৰাম’ৰ উদ্যোগত সোণতলী আৰক্ষীক স্মাৰক পত্ৰ প্ৰদান…

0 21

আজি কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীত ইউথ এম্পাৱাৰমেন্ট ফৰাম’ৰ এক সজাতি দ’লে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিজুমনি বাংথাইৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বিগত দিনবোৰত সোণতলী- গৰৈমাৰী অঞ্চলত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য কৰি, আজি স্মাৰক পত্ৰৰ জৰিয়তে ইউথ এম্পাৱাৰমেন্ট ফৰাম’ৰ কৰ্মকৰ্তা সকলে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।মুলত আৰক্ষী চকীৰ সন্মুখত পহৰা ব্যৱস্থাৰ জৰিয়তে অপৈনত অৱস্থাৰ কিশোৰ সকলে দ্ৰুত গতিত বাইক চলোৱাৰ ফলত হোৱা দুৰ্ঘটনা ৰোধ কৰাৰ আহ্বান জনায়।

ইয়াৰ উপৰিও নিজৰ কম বয়সীয়া সন্তানৰ হাতত বাইক নিদিবলৈ অভিভাৱক সমাজলৈ আহ্বান জনায় ফৰামৰ কৰ্মকৰ্তা সকলে। হেলমেট লাইচেন্স আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও দুৰ্ঘটনা কিছু পৰিমাণে হ’লেও ৰোধ কৰিব পৰা যাব বুলি উল্লেখ কৰে। দিনক দিনে বৃদ্ধি পোৱা ই ৰিক্সা সঘনাই ৰাস্তাৰ ঘাটত যানযোট সৃষ্টি কৰাৰ সমান্তৰালকৈ নীতি নিয়ম নজনা ই ৰিক্সা চালক সকলে সঘনাই দুৰ্ঘটনা সংঘটিত কৰাৰ কথা উল্লেখ কৰি, ই ৰিক্সা সমুহ চলাচলৰ ক্ষেত্ৰত আইনগত নীতি নিৰ্দেশনা আৰোপ কৰাৰ আহ্বান জনায়।

ইয়াৰ উপৰিও সাম্প্ৰতিক সময়ত বৃদ্ধি পোৱ যানবাহনৰ বিপৰীতে সদাব্যস্ত সোণতলী- ছমৰীয়া মুল পথচোৱা ঠেক হোৱাত দুৰ্ঘটনাৰ অন্য এক কাৰণ বুলি উল্লেখ কৰি চৰকাৰক পথচোৱা বহল কৰি দুই লাইন যুক্ত পথ নিৰ্মাণৰ দাবী জনায়। এই কাৰ্যত ইউথ এম্পাৱাৰমেন্ট ফৰাম’ৰ তত্বাৱধায়ক মিৰ্জা লুৎফৰ ৰহমানৰ লগতে ৰহমৎ উল্লাহ, শ্বিবলি আকন্দ, আবু লায়েছ মোস্তাক, আমিনুল ইছলাম, বুলবুলৰ লগতে ভালে কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকি, বৃহত্তৰ সোণতলী-গৰৈমাৰী অঞ্চলৰ বিভিন্ন সামাজিক সংগঠনক সমূহক ফৰামক এই গুৰুত্বপূৰ্ণ কৰ্মসূচীত সহযোগ কৰিবলৈ আহ্বান জনায় ।

Leave A Reply