‘ৰাখাল দাসগুপ্ত মাথো এজন ব্যক্তি নাছিল ৷ তেখেত আছিল এক আদৰ্শ ৷ ভাৰতীয় ট্ৰেড ইউনিয়নৰ ইতিহাসত এক মাইলৰ খুঁটি, যাৰ অবিহনে ভাৰতীয় ট্ৰেড ইউনিয়নৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ নহয় ৷ তেওঁৰ ৮৮ বছৰীয়া জীৱনকালত তেওঁ ভাৰতীয় ৰে’লৰ ট্ৰেড ইউনিয়নক দিকদৰ্শন কৰাৰ লগতে ৰে’ল ইউনিয়নক এক মজবুত স্থিতিলৈ লৈ গৈছিল’ ৷ এই ভাষ্য উত্তৰ পূৱ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসৰ ৷ আজি উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ উদ্যোগত ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ’ৰামে বঙাইগাঁওৰ প্ৰিয় গুপ্ত মেমোৰিয়েল হলত আয়োজন কৰা ‘স্মৃতি দিৱস’ৰ সভাত ভাষণ প্ৰদান কৰি এইদৰে মন্তব্য কৰে নেতাগৰাকীয়ে ৷ তেওঁ আজিৰ যুৱ প্ৰজন্মক ৰাখাল দাসগুপ্তৰ আদৰ্শৰ পথেৰে বাট বুলিবলৈ আহ্বান জনায় ৷ এই স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় ইউনিয়নৰ বঙাইগাঁও শাখাৰ সভাপতি দ্বীপেন বৰাৰ দ্বাৰা ৷ ইয়াৰ পিছতে প্ৰস্তাৱিত ৰাখাল দাসগুপ্ত মেমোৰিয়েল সংগ্ৰহালয় তথা পুথিভঁৰালৰ আনুষ্ঠানিক উন্মোচন আৰু বন্তি প্ৰজ্বালন কৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ উপ মাণ্ডলীক প্ৰৱন্ধক অৰিন্দম লাইয়ে ৷ ইয়াৰ পিছতেই ৰাখাল দাসগুপ্ত মেমোৰিয়েল প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা মজদুৰ ইউনিয়নৰ সভাপতি ৰমণী বৰ্মনে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ’ৰামৰ সভাপতি ডঃপি কে ধৰে ৷ এই সভাত অৰিন্দম লাই, উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তা (O&F) বিমল টপ্পো, নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ৰ সহ মুখ্য চিকিৎসা বিষয়া অজয় ৰায়, ৰমণী বৰ্মন, অধিবক্তা জয়শ্ৰী বৰুৱা, মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা চুচেন হাজৰিকা, এমপ্লইজ ইউনিয়নৰ কেন্দ্ৰীয় নেতা প্ৰমোদ কুমাৰ ৰস্তোগী আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ’ৰামৰ সম্পাদক ডঃ তৰুণ কুমাৰ বাহাদুৰে ৷ এই অনুষ্ঠানতে ‘শ্ৰদ্ধাজ্ঞলী’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰি ৰমণী বৰ্মনে ৷ শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি ঘটায় ডঃ ভবানী প্ৰসাদ শৰ্মাই ৷
Breaking
- পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ টীয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন বাবে যাত্ৰা
- আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২১ : স্মৃতি ইৰাণীয়ে এই বিশেষ পোষ্টেৰে নাৰীসকলক ধন্যবাদ জনাইছে
- ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা
- নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা
- নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন
- মাজবাটত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ দ্ৰাইভাৰৰ পলায়ন
- শ্ৰীৰামপুৰত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম স্কুলৰ উদ্বোধন
- বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছ গমণ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ
- দিকৰাই প্ৰাথমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান : সহকাৰী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা
- বিহালীত দলে দলে বিজেপিত যোগদান