Breaking

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাই সাহিত্য সভাৰ সমাজ সাৰথি পদ্মকান্ত নাথৰ স্মৃতিচাৰণ সভা

0 2,028

হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতি সদ্য প্ৰয়াত পদ্মকান্ত নাথৰ স্মৃতিচাৰণ সভাখন আজি হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত আৰু আজমল ফাউণ্ডেচনৰ সহযোগত হোজাইৰ বৰপুখুৰীৰ নজিৰ আজমল মেমোৰিয়েল কলেজ অব এডুকেশ্বনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে প্ৰয়াত নাথৰ ফটোত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় । এই স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই অংশগ্ৰহণ কৰি প্ৰয়াত নাথৰ জীৱনৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে৷ লগতে “অসমীয়া ভাষা আৰু সমাজ” সন্দৰ্ভত ভাষণ প্ৰদান কৰি ‘কা’ আইনে অসমীয়া ভাষা আৰু সমাজৰ গাঁথনি পৰিৱৰ্তন কৰিব বুলি মন্তব্য কৰে।ৰাজনৈতিক মুনাফাৰ বাবে এই আইনে অসমীয়া ভাষা আৰু খিলঞ্জীয়া ভূমিপুত্ৰ সকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব বুলি তেওঁ কয় ৷

ইয়াৰ বাবে অসম চুক্তিত সন্নিবিষ্ট ৰক্ষাকবচ অৰ্থাৎ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিব লাগিব বুলি তেওঁ মত ব্যক্ত কৰে ৷ কোনো ৰাজনৈতিক দলে এই ক্ষেত্ৰত আগবাঢ়ি নহাত তেওঁ ক্ষোভ প্ৰকট কৰে । আজমল ফাউণ্ডেচনৰ সঞ্চালক ডঃ খচৰুল ইছলামে সভাত প্ৰয়াত নাথৰ কৰ্মস্পৃহা সম্পৰ্কে বক্তব্য প্ৰদান কৰি তেখেতৰ স্মৃতিচাৰণ কৰে আৰু প্ৰয়াত নাথৰ স্মৃতিত পাঁচ লাখ টকাৰ এক ন্যাস স্থাপন কৰি প্ৰতি বছৰে অসমীয়া ভাষা সাহিত্যত বিশেষ পাৰদৰ্শিতা দেখুৱা লোকক বঁটা প্ৰদান কৰা হব বুলি ঘোষণা কৰে ৷

লগতে এই ন্যাস ফাউণ্ডেচন আৰু জিলা সাহিত্য সভাই যৌথভাবে পৰিচালনা কৰিব বুলি মন্তব্য কৰে ৷ স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে হোজাই সাহিত্য সভাৰ সভাপতি ডঃ গুণেশ্বৰ শইকীয়াই ৷ হোজাই জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, পদ্মকান্ত নাথৰ পত্নী প্ৰণতি হাজৰিকা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গল্পকাৰ অভিজিত বৰা, গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, হোজাই শাখা সাহিত্য সভাৰ সভাপতি ডাঃ চামচুল হক, অসম সাহিত্য সভাৰ ধনভৰালী প্ৰেম নাৰায়ণ বৰা,  ৰহা শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিৰলা দেৱী আদিয়ে অংশগ্ৰহণ কৰা সভাখনত সম্পূৰ্ণ অনুষ্ঠান পৰিচালনা কৰে হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে সভাত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত হোজাই জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই  সম্পাদনা কৰা প্ৰয়াত নাথৰ  শ্ৰদ্ধাঞ্জলি গ্ৰন্থ “সমাজ সাৰথি” উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই । সভাৰ শেষত প্ৰয়াত নাথৰ পৰিয়ালবৰ্গক ৰাজহুৱাভাবে চিনাকি কৰাই দিয়া হয় ।

Leave A Reply