মিৰি জাতিৰ বুৰঞ্জী প্ৰণেতা সাহিত্যিক সোণাৰাম পাঞাং কটকীৰ স্মৃতিচাৰণ,বঁটা প্ৰদান অনুষ্ঠান অয়েঙীয়াত

১৯৩৫ চনতে ভাৰত বৰ্ষই স্বাধীনতা লাভৰ পূৰ্বেই
“মিৰি জাতি বুৰঞ্জী”ৰ দৰে বিখ্যাত গ্ৰন্থ ৰচনা আৰু প্ৰকাশ কৰি ঢকুৱাখনাৰ অতি ভিতৰুৱা ঠাই অয়েঙীয়া বৰগাঁৱৰ পৰা প্ৰথমজন মিচিং লেখক হিচাপে আত্মপ্ৰকাশ কৰা সাহিত্যিক,
শিক্ষাবিদ প্ৰয়াত সোণাৰাম পাঞাং কটকীৰ ৬৯ সংখ্যক মৃত্যু বাৰ্ষিকী আজি পালন কৰা হয় দিনযোৰা কাৰ্যসূচীৰে।পাঞাং অপৃন কেবাঙ আৰু টু দে টু জি ৱাটছাপ গ্ৰুপ,অসম’-ৰ উদ্যোগত অয়েঙীয়া বৰগাঁও পূৱেৰুণ যুৱক সংঘৰ কৃষ্টি ভৱনত আজি পুৱাৰে পৰা আয়োজন কৰা মিচিঙৰ প্ৰথম সাহিত্যিক সোণাৰাম পাঞাং কটকীৰ স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতাও আয়োজন কৰা হৈছিল।মাজুলীৰ বিশিষ্ট সংগীত শিল্পী অমিয় কুমাৰ চিৰাঙে উদ্ধোন কৰা প্ৰয়াত সাহিত্যিক গৰাকীৰ এই স্মৃতি চাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে-সদৌ মিচিং ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদ্মলোচন দলে,মিচিং বোল ছৱিৰ পৰিচালক ইয়কছা কুলি,পাঞাং অপৃন কেবাঙৰ কেন্দ্ৰীয় সম্পাদক কাতিৰাম পাঞাং,প্ৰয়াত সাহিত্যিক সোণাৰাম পাঞাং কটকীৰ নুমলীয়া জী মনেশ্বৰী পাঞাং টাৱ,অৰুণাচল প্ৰদেশৰ দেবীশ চিনোং পাঞাং,অঞক চিনোং পাঞাং,ডাঃ শশীকান্ত পাঞাং, ভৱেন কুমাৰ পাঞাঙকে আদি কৰি বহু সংখ্যক বিশিষ্ট লোক।এই অনুষ্ঠানতে অসমৰ সমাজ ,সাহিত্য ,আৰু সংস্কৃতিৰ জগতলৈ অৱদান আগবঢ়োৱা পাঞাং জনগোষ্ঠীৰ লগতে অন্য কেইবাজনো বিশিষ্ট মিচিং জাতিৰ ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয়।ইফালে এই অনুষ্ঠান মজিয়াৰ পৰাই মিচিং সাহিত্য সভা,মিচিং জাতীয় সংগঠন বোৰৰ লডতে অসম চৰকাৰক মিচিং জাতিৰ প্ৰথম সাহিত্যিক সোণাৰাম পাঞাং কটকীৰ স্মৃতি ৰক্ষাৰ্থে এক বঁটা প্ৰবৰ্তনৰো দাবী জনাই উদ্যোগক্তাসকলে।

Related Articles