Breaking

ফেচ ৱাছ কৰাৰ সময়ত এই ভুল সমূহ নকৰিব পুৰুষসকলে…

0 73

ফেচ ৱাছ কৰাৰ সময়ত এই ভুল সমূহ নকৰিব পুৰুষসকলে। যুৱতীৰ দৰে পুৰুষেও ছাল খনৰ সমান যত্ন লোৱা উচিত। বিশেষকৈ ল’ৰাবোৰে ছালৰ যত্ন লোৱাত গাফিলতি কৰে। লগতে ফেচ ৱাছ কৰাৰ সময়ত কিছুমান ভুল কৰে পুৰুষসকলে, যাৰ বাবে মুখৰ বহু সমস্য়া হয়। আজি আমি আপোনালোকক জনাম ফেচ ৱাছৰ সঠিক পদ্ধতি কি আৰু প্ৰতিজন পুৰুষে ইয়াৰ যত্ন লোৱা উচিত-

১) ছাল অনুসৰি ফেচ ৱাছ বাছি লওক-
ল’ৰাবোৰে প্ৰথমে ছাল অনুসৰি ফেচ ৱাছ বাছি ল’ব লাগে। ফেচ ৱাছ লোৱাৰ আগতে আপোনাৰ ছালখন পৰীক্ষা কৰক। অৰ্থাৎ চাওক আপোনাৰ ছাল কেনেধৰণৰ। চিকিৎসকৰ পৰামৰ্শও ল’ব পাৰে। স্বাভাৱিকৰ পৰা শুকান ছাল থকা পুৰুষে হাইড্ৰেটিং আৰু ক্ৰীমযুক্ত ফেচ ৱাছ প্ৰয়োগ কৰিব লাগে। যিসকল পুৰুষৰ ছালত তেলীয়া আৰু মিশ্ৰিত টেক্সচাৰ থাকে তেওঁলোকে ফেন ৱাছ বা জেল ক্লিনজাৰ ব্যৱহাৰ কৰি চাব লাগে।

২/ ফেচ ৱাছ লগোৱাৰ সঠিক উপায়
পুৰুষ বেছিভাগেই ঘৰৰ বাহিৰত থাকিব লাগে। সেইবাবেই তেওঁলোকৰ ছালত বিশেষ প্ৰভাৱ পৰে। ইয়াৰ বাবে ল’ৰাবোৰে প্ৰায়ে ৰাতি ঘৰলৈ আহি মুখ ধুই, হাতত ফেচ ৱাছ লৈ সোনকালে মুখত লগাই লগে লগে ধুই দিয়ে। এইটোৱেই ভুল। ফেচৱাছ কৰাৰ সময়ত মনত ৰাখিব, হাতেৰে লাহে লাহে মুখত মালিচ কৰি তাৰ পিছত ধুব।

ল’ৰাবোৰে দিনটোত কমেও দুবাৰকৈ মুখ ধুব লাগে। ৰাতিপুৱা এবাৰ আৰু ৰাতি শুই উঠাৰ আগতে এবাৰ।ৰাতি মুখখন ভালদৰে ধুব লাগে। ৰাতি ভালদৰে মুখখন ধুলে মুখত পিম্পল আৰু দাগ দেখা দিয়ে। সেইবাবেই ৰাতি শোৱাৰ পূৰ্বে এবাৰ ফেচৱাছ কৰক, যাতে ছালখন ভিতৰৰ পৰা পৰিষ্কাৰ হয়।

Leave A Reply