হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তে পঞ্চায়তে চলিছে অবাধ দুৰ্নীতি৷ খণ্ড উন্নয়ন বিষয়া মইন উদ্দিন আহমেদৰ নেতৃত্বত বিভিন্ন আঁচনি ৰূপায়নত পঞ্চায়ত প্ৰতিনিধি সকলে লুঠি-পুঠি খাইছে লাখ-লাখ টকা৷ উপায়ন্তৰ হৈ দৈনিক শ শ ৰাইজে ৰাজপথত উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ যমুনা গাওঁ পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ জৰিয়তে ২০১৭-১৮ বৰ্ষত গনিপুৰ-আমবাৰী গড়কপ্তানী পথৰ পৰা আকমল আলী হাউচ লৈকে বাৰ লাখ সাতত্ৰিচ হাজাৰ টকা আৱন্টন হৈছিল, যদিও যমুনাগাওঁ পঞ্চায়তৰ সভাপতি মইনুল হক, পঞ্চায়ত সচিব, জি,আৰ,এচ অভিযন্তাৰ সৈতে মিতিৰালি কৰি নাম মাত্ৰ কেই ট্ৰেক্টৰ মান মাটি পেলাই সম্পূর্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ তদুপৰি আঁচনিৰ প্ৰাক কলন মতে এটা কালভাৰ্টৰ নামত এক লাখ বিছ হাজাৰ টকা আৱন্টন হৈছিল৷ কিন্তু উক্ত স্থানত কোনো কালভাৰ্ট নিৰ্মাণ নকৰাকৈ ভূৱা বিল বনাই মইনুল হক বাহিনীয়ে চৰকাৰী ধন সম্পূর্ণৰূপে আত্মসাৎ কৰিছে বুলি অভিযোগ নামাত উল্লেখ কৰে স্থানীয় ৰাইজে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে হোজাই জিলা মুখ্য কাৰ্য্যবাহী বিষয়াৰ জৰিয়তে এক উচিৎ তদন্তৰ দাবী উত্থাপন কৰিছে৷ উল্লেখ যোগ্য যে যোৱা কেইদিনমান পূৰ্বে দুৰ্নীতিত জড়িত থকা জয়নগৰ পঞ্চায়তৰ সচিব জাকিৰ আহমেদ বৰভূঞাক বিভাগীয় কতৃপক্ষৰ নিৰ্দেশ মৰ্মে তৎকালীন ভাৱে চাকৰিৰ পৰা নিলম্বনো কৰা হৈছে৷ কেৱল জাকিৰক চাকৰিৰ পৰা নিলম্বন কৰি বিভাগীয় কতৃপক্ষই দায়িত্ব সামৰি থাকিব নে? এই সকলৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত স্পষ্ট হব৷

