মাইকেল জেকচনে ১৫০ বছৰ জীয়াই থাকিব বিচাৰিছিল, কিন্তু ৫১ বছৰো সম্পূৰ্ণ কৰিব নোৱাৰিলে। যদি কেতিয়াবা বিশ্বৰ শ্ৰেষ্ঠ সংগীতজ্ঞ জনৰ কথা উল্লেখ হয় তেন্তে মাইকেল জেকচনৰ নাম সদায় শীৰ্ষত থাকিব। আজি তেওঁৰ মৃত্যু বাৰ্ষিকী। সমগ্ৰ বিশ্বই তেওঁক এতিয়াও কিং অৱ পপ বুলি কয়। তেওঁৰ গীতেৰে আলোড়নৰ সৃষ্টি কৰাই নহয়, তেওঁৰ নৃত্যৰ খোজেৰে পৃথিৱীৰ সকলোকে নাচিবলৈ বাধ্য কৰাইছিল। ১৫০ বছৰ জীয়াই থাকিব বিচৰিছিল এইজন মাইকেল জেকচনৰ , কিন্তু ৫১ বসন্তও দেখা নাপালে। মৃত্যু বাৰ্ষিকী উপলক্ষে আমি আপোনালোকক মাইকেল জেকচনৰ জীৱনৰ কিছু মুহূৰ্তৰ সৈতে পৰিচয় কৰাই দিম।

১৯৫৮ চনৰ ২৯ আগষ্টত আমেৰিকাৰ ইণ্ডিয়ানা প্ৰদেশত জন্মগ্ৰহণ কৰা মাইকেল জেকচনে সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। সেই বাবেই তেওঁ ভাতৃৰ পপ গ্ৰুপৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আচলতে তেওঁ খুব কম বয়সৰ পৰাই পেঁপা বজাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ভাতৃৰ সংগীত গোটত যোগদান কৰে আৰু লাহে লাহে খ্যাতিৰ উচ্চতা লাভৰ বাবে পদক্ষেপ ল’বলৈ আৰম্ভ কৰে। আপুনি জানি আচৰিত হ’ব যে মাইকেল জেকচনে সংগীত জগতত নিজৰ স্থান দখল কৰিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল। ১৯৭১ চনত তেওঁ গায়ক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ সফলতাৰ যাত্ৰা আৰম্ভ কৰিলে। মাইকেল জেকচনৰ ব্যক্তিগত জীৱন আছিল উত্থান-পতনেৰে ভৰা। ১৯৯৪ চনত তেওঁ লিজা মেৰী প্ৰেছলীক বিয়া কৰায় যদিও এই সম্পৰ্ক বেছি দিন নাথাকিল। ইয়াৰ পিছত মাইকেল জেকচনে তেওঁৰ নাৰ্ছ ডেবি ৰ’ক বিয়া কৰায় যদিও এই বিবাহো দুবছৰৰ পিছত ভাঙি যায়।
মাইকেল জেকচনে ১৫০ বছৰ জীয়াই থাকিব বিচাৰিছিল। এইবাবেই ১২ জনীয়া ডাক্তৰৰ দলটো তেওঁৰ ঘৰত সকলো সময়তে আছিল। মাইকেলে সদায় অক্সিজেনৰ বিচনাত শুইছিল। একে সময়তে তেওঁ মানুহৰ লগত হাত মিলোৱাৰ আগতে গ্ল’ভছ পিন্ধিছিল। কিন্তু ইমানৰ পিছতো মাইকেল জেকচনে ৫১ সংখ্যক বসন্ত দেখা নাপালে। ২০০৯ চনৰ ২৫ জুনত তেওঁ ৫০ বছৰ ৯ মাহ ২৬ দিন বয়সত এই পৃথিৱীৰ পৰা বিদায় লয়।

