Breaking

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা ১০১ গৰাকীক পাৱাৰ টিলাৰ বিতৰণ; ৮৫ শতাংশ ৰাজ সাহায্য দি কৃষকক সকাহ

0 93

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা উন্নয়নমুখী আঁচনিৰ ৰূপায়ণ অব্যাহত আছে ৷ তেওঁলোকৰ উন্নয়নমুখী আঁচনিৰ অংশ হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিৰ ১০১ গৰাকী আদৰ্শ কৃষকক ১০১ খন পাৱাৰ টিলাৰ পৰিষদৰ কৃষি বিভাগৰ পৰা বিতৰণ কৰা হয় ৷

৮৫ শতাংশ ৰাজ সাহায্য দি বিতৰণ কৰা উক্ত পাৱাৰ টিলাৰ বিতৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে কয়- কৃষকসকলক উপকৃত কৰাৰ নিমিত্তে আমি সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছোঁ ৷

আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা কৃষি, শিক্ষা, ক্ৰীড়া, বয়ন শিল্প, মীন, যোগাযোগ সকলোতে জনসাধাৰণৰ ওচৰ চাপিব পাৰিছোঁ ৷ আমি পাৱাৰ টিলাৰ বিতৰণ কৰিছোঁ ৰাজ সাহায্য দি ৷ কিন্তু কোনোবাই যদি বক্ৰ পথেৰে পাৱাৰ টিলাৰ ব্যৱহাৰ কৰে তেন্তে হিতাধিকাৰীসকল আইন মতে জগৰীয়া হ’ব  বুলি তেওঁ দোহাৰে ৷

অনুষ্ঠানত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে কয় যে আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা কৃষিকৰ্মৰ বাবে সৰ্বোচ্চ প্ৰচেষ্টা চলইছো ৷ প্ৰকৃত কৃষকে ইয়াত ৰাজ সাহায্য পাইছে ৷ পৰিষদৰ সাহায্য পূঁজিৰে পৰিষদীয় অঞ্চলৰ লাখ লাখ লোক সংস্থাপিত হৈছে ৷ আজি আমি কৃষকসকলক পাৱাৰ টিলাৰ বিতৰণ কৰিছোঁ যদিও সকলোৱে ভাল কামত ব্যৱহাৰ কৰিব লাগিব ৷

কৃষকসকলে ভাল কাম কৰিলে আৰু আমি অধিক সাহায্য প্ৰদান কৰিম বুলি তেওঁ কৃষকসকলক  প্ৰতিশ্ৰুতি দিয়ে ৷  অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ  উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, অধ্যক্ষ সচিব যাদব পেগু, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, জ’হান দলে, ভৱানী দুুৱৰা, প্ৰশান্ত বড়ি, নৰেশ কুম্বাং, ইন্দিৰা কুম্বাং,  সাধাৰণ সদস্য দিলীপ পেগু, মুকুল পেগু, ৰাজু পেগু,  লাবন্য মিলি আদিয়ে ৷  

Leave A Reply