মাইক্ৰ’ফাইনেঞ্চ লিমিটেড গ’ল্ড লোণ প্ৰতিষ্ঠানৰ গ্ৰাহকক প্ৰতাৰণা : প্ৰকৃত সোণ লৈ গ্ৰাহকক ঘূৰাই দিলে নকল সোণ

নাজিৰাৰ মাজমজিয়াৰ এটা প্ৰতিষ্ঠান য’ত সোণৰ জমা লৈ গ্ৰাহকক দিয়া হয় লোণ । নাম আশীৰ্বাদ মাইক্ৰ’ফাইনেঞ্চ লিমিটেড । সুদৰ হাৰ ২৫ শতাংশৰ পৰা ২৯ শতাংশ । কিন্তু  ইমান সুদ সংগ্ৰহ কৰাৰ পাছতো গ্ৰাহকক মাধ মাৰ দিছে উক্ত প্ৰতিষ্ঠানটোৱে । চেন্নাইৰ পৰা পৰিচালিত এই প্ৰতিষ্ঠানে বিগত চাৰি মাহ ধৰি ব্যৱসায় কৰি আছে নাজিৰাত ।

আজিৰ  পৰা প্ৰায় ডেৰমাহ মানৰ আগতে শিৱসাগৰৰ এজন ব্যক্তি অমৰ জ্যোতি দাসে আশীৰ্বাদ গল্ড লোণ লিমিটেডৰ পৰা যোৱা ১২  নৱেম্বৰত ৪৭.৪৯৮ গ্ৰাম সোণৰ বিণিময়ত  ১.৫৪ লাখ টকা লোণ হিচাপে লৈছিল । যি সময়ত প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ পৰা সোণ জমা লৈছিল সেই সময়ত সম্পূৰ্ণ পৰীক্ষা কৰিহে জমা লৈ লোণ দিছিল  সম্পূৰ্ণ নিয়মৰ মাজেৰে । কিন্তুুু ডেৰ মাহৰ পাছত গ্ৰাহক জনে যেতিয়া সুদ সহ লোণৰ টকা জমা দি নিজৰ সোণৰ চেইন ডাল নিবলৈ আহে তেতিয়া এডাল হুবহু ডিজাইনৰ চেইন তেওঁৰ হাতত জমা দিয়ে । হাতত নিজৰ চেইন ডাল লৈ নিজেই চাই পৰীক্ষা কৰাত ধৰা পৰে যে চেইন ডাল তেওঁ জমা দিয়া ডাল নহয় ।

যিহেতু নিয়ম অনুসৰি যেতিয়া সোণ জমা লোৱা হয় তেতিয়া এটা নিৰ্দিষ্ট খামৰ ভিতৰত গ্ৰাহক আৰু প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ সন্মুখত উক্ত সম্পত্তিতো ৰখা হয় আৰু দিয়াৰ সময়তো উভয় পক্ষৰ উন্মুখত খুলি দিব লাগে কিন্তুু তাৰ পৰিৱৰ্তে প্ৰতিষ্ঠানটোৱে এটা ফলাখামৰ পৰাহে  উক্ত সম্পত্তিতো উলিয়াই দিয়ে বুলি গ্ৰাহক জনৰ অভিযোগ ।

এই লৈ ইতিমধ্যে নাজিৰা থানাত এজাহাৰ দাখিল কৰে ভূক্তভূগী জনে । আজি প্ৰতিষ্ঠানটোত নাজিৰা মহকুমা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত ৰাজীৱ সোনোৱাল আৰু আৰক্ষীৰ দল উপস্থিত হৈ  নাজিৰা পৌৰ সভাৰ পৰা কোনো ব্যৱসায়ীয়ে অনুজ্ঞাপত্ৰ নোলোৱাকৈ ব্যৱসায় চলাই থকাৰ অপৰাধত চিল কৰি দিয়ে । 

Related Articles