Mid Day Meal: কচুগাঁওত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী সন্থাৰ সভা, চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ

কচুগাঁও: Mid Day Meal কচুগাঁও ছোৱালী এম ই স্কুলত অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ কচুগাঁও ব্লক সমিতিৰ এক গুৰুত্বপূর্ণ সাধাৰণ সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত এই সভাখন সন্থাৰ সভাপতি দলসিং কোচৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত কচুগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো বিদ্যালয়ৰ ৰন্ধন কৰ্মীসকল উপস্থিত থাকে।

সভাত ৰন্ধন কৰ্মীসকলে চৰকাৰৰ প্ৰতিশ্ৰুতি ভংগ আৰু উপেক্ষাৰ প্ৰতি তীব্ৰ ক্ষোভ ব্যক্ত কৰে। তেওঁলোকৰ অভিযোগ, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মাননী বৃদ্ধি কৰাৰ আশ্বাস দিয়াৰ পিছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ৰন্ধন কৰ্মীসকলে কয় যে, “দুটা দশক ধৰি আমি নামমাত্ৰ মাননীৰ বিনিময়ত কাম কৰি আহিছো। চৰকাৰে ভাল দিনৰ আশা দেখুৱাইছিল, কিন্তু বৰ্তমানে আমাৰ বাবে কোনো চিন্তা কৰা হোৱা নাই।”

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০০ টকা আৰু ৰাজ্য চৰকাৰৰ পৰা ৫০০ টকা হাৰত মাননী লাভ কৰি আছে ৰন্ধন কৰ্মীসকল। যদিও চৰকাৰে মাননী ৬০০০ টকা কৰাৰ কথা কৈছিল, তাৰ বিপৰীতে কেৱল ৫০০ টকা বৃদ্ধি কৰে। এই সামান্য মাননীৰ বিপৰীতে ৰন্ধন কৰ্মীসকলে প্ৰতিদিনে ৫-৬ ঘণ্টা সময় দিছে। তাৰোপৰি, এতিয়া তেওঁলোকক মধ্যাহ্ন ভোজন বিলোৱাৰ দায়িত্বও দিয়াৰ কথা উঠিছে।

সভাত এই কথা উত্থাপন কৰি, বহিঃৰাজ্যৰ কোনো কোম্পানীক মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব দিয়াৰ সম্ভাৱনাত ৰন্ধন কৰ্মীসকলে গভীৰ চিন্তা আৰু প্ৰতিবাদ প্ৰকাশ কৰে।

সভাৰ অন্তত সন্থাৰ সভাপতি দলসিং কোচে ৰাজ্য চৰকাৰক ৰন্ধন কৰ্মীসকলৰ ন্যায্য দাবীসমূহ মানি ল’বলৈ অনুৰোধ জনায়। তেওঁ সতর্ক কৰে, যদি চৰকাৰে পদক্ষেপ নহয়, তেন্তে ৰন্ধন কৰ্মীসকলে পুনৰ আন্দোলনৰ পথ বাছি ল’বলৈ বাধ্য হ’ব।

Related Articles